ভুলবশত: ৰূপকোঁৱৰৰ মহাপ্ৰয়াণৰ দিনটো জন্মদিন বুলি লিখা হ'ল...

ভুলবশত: ৰূপকোঁৱৰৰ মহাপ্ৰয়াণৰ দিনটো জন্মদিন বুলি লিখা হ'ল...

ডিজিটেল ডেস্ক : শিল্পী দিৱসৰ দিনা প্ৰকাশ কৰা জনসংযোগৰ এক বিজ্ঞাপনত এক বিসংগতি আছিল । জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্মদিন বুলি ১৭ জানুৱাৰীৰ দিনটো  উল্লেখ কৰিছিল সেই বিজ্ঞাপনত । তাৰ পাছতেই এই ভুলৰ বাবে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

জনসংযোগে সেই বিজ্ঞাপনৰ সংশোধন কৰি আন এক বিজ্ঞাপন প্ৰকাশ কৰিছে । স্পষ্টীকৰণটোত কোৱা হৈছে যে শিল্পী দিৱস উপলক্ষে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা দেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই অসমৰ তৰফৰ পৰা ১৭ জানুৱাৰী, ২০২৩ তাৰিখে প্ৰকাশিত তাৰিখত অনিচ্ছাকৃত ভুল ৰৈ গৈছে । ৰূপকোঁৱৰৰ মহাপ্ৰয়াণৰ দিনটোত ভুলবশত: জন্মদিন বুলি লিখা হ'ল । ইয়াৰ বাবে আমি সকলোৰে ওচৰত ক্ষমাপ্ৰাৰ্থী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in