আজি পবিত্ৰ বুদ্ধ পূৰ্ণিমা...

আজি পবিত্ৰ বুদ্ধ পূৰ্ণিমা...

ডিজিটেল ডেস্কঃ আজি বৌদ্ধ পূৰ্ণিমা, এই দিনটোতেই জন্ম হৈছিল ভগৱান বুদ্ধৰ। বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাতা বুদ্ধৰ জন্মদিনটোতে সমগ্ৰ দেশৰ প্ৰায় কেইখন দেশত পালন কৰা হয় বৌদ্ধ পূৰ্ণিমা।

ভাৰত, জাপান, দক্ষিণ পূব-এচিয়া, চীনকে ধৰি কেইবাখনো দেশত বৌদ্ধ পূৰ্ণিমা যথেষ্ট ৰীতি-নীতিৰ মাজেৰে পালন কৰা হয়। এইবাৰৰ বৌদ্ধ পূৰ্ণিমাৰ শুভ মূৰ্হুত আৰম্ভ হৈছে ২২ মে'ৰ সন্ধিয়া ৬:৪৭ বজাত। এই মূৰ্হুত শেষ হ'ব ২৩ মে’ৰ সন্ধিয়া ৭:২২ বজাত।

এই দিনটোত সিদ্ধি প্ৰাপ্ত হয় আৰু উক্ত দিনটোতে মহাপৰিনিৰ্বাণ প্ৰাপ্ত হয়। আজিৰ দিনটোত বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ কিছুমানে সাধাৰণ বগা বসন পিন্ধে আৰু গোটেই দিন মন্দিৰত থাকি অষ্টাংগ মাৰ্গ পালন কৰে। কিছুমান মন্দিৰত বুদ্ধ প্ৰতিমাক অভিষেক কৰা হয়। ভক্তসকলে এই দিনা বৌদ্ধ ভিক্ষুৰ প্ৰবচন আৰু বুদ্ধৰ বাণী শুনে।

১৯৫০ চনত শ্ৰীলংকাত অনুষ্ঠিত প্ৰথম বিশ্ব বৌদ্ধ ফেল'শ্বিপ সন্মিলনত বুদ্ধ পূৰ্ণিমাক বুদ্ধৰ জন্মদিন হিচাপে পালন কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আগৰে পৰা শতিকা জুৰি বৌদ্ধসকলে ইয়াক বুদ্ধৰ জন্মদিন হিচাপে পালন কৰি আহিছিল যদিও এই সন্মিলনৰ যোগেদি যি সৰ্বজনীন ৰূপত প্ৰতিষ্ঠিত হয়।

এই সন্মিলনত বুদ্ধ পূৰ্ণিমাক বিশ্বৰ সকলো বৌদ্ধ ধৰ্মাৱলম্বী বাস কৰা দেশৰ চৰকাৰক চৰকাৰী বন্ধৰ দিন হিচাপে উদযাপন কৰিবলৈ আহ্বান জনোৱা হৈছিল। বুদ্ধ পূৰ্ণিমাত বিশ্বৰ সকলো প্ৰান্তৰ বৌদ্ধ ধৰ্মাৱলম্বীসকলে গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মৃত্যু দিন হিচাপে পালন কৰে। 

আজি পবিত্ৰ বুদ্ধ পূৰ্ণিমা...
১ জুনৰ পৰা বটলিফ ফেক্টৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেচা চাহ পাত ক্ৰয় নকৰে!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in