ঘৰলৈ উভতাৰ পথত বি এছ এফ জোৱান কিছমত আলিৰ কৰুণ মৃত্যু

ঘৰলৈ উভতাৰ পথত বি এছ এফ জোৱান কিছমত আলিৰ কৰুণ মৃত্যু

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈৰ পাৰ্শ্বৱৰ্তী নগৰবাহীৰ কানাইচুবা নিবাসী সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান কিছমত আলি(৫৯)য়ে ৰেলেৰে ঘৰলৈ আহি থকা অৱস্থাতে হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ নিউ জলপাইগুৰি ষ্টেচনৰ সমীপত ৪ জুনৰ পুৱা কৰুণ মৃত্যু হয় । এই খবৰ বিয়পি পৰাত নগৰবাহীৰ কানাইচুবাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। ঘটনাৰ ঘবৰ পোৱাৰ পাছতেই পৰিয়ালৰ লোক গৈ উক্ত স্থানত উপস্থিত হয় আৰু বিভাগীয় বিষয়াৰ তত্বাৱধানত পৰিয়ালে মৃত্যুদেহ চমজি লয়।

৫জুনত জাতীয় পতাকাৰে আবৃত তেওঁৰ নশ্বৰ দেহ মঙলদৈৰ কানাইচুবাৰ ঘৰ আহি পায়। বিএছ এফৰ তৰফৰ পৰা অহা বিষয়া আৰু জোৱানৰ দল এটায়ে পুৱা ৯.৩০ বজাত চাৰি জাই গুলি ওপৰলৈ মাৰি সামৰিক মৰ্যাদাৰে পৰলোকগত জোৱানজনৰ নশ্বৰ দেহক শেষ সন্মান জ্ঞাপন কৰে। ইয়াৰ পিছত ধৰ্মীয় ৰীতি নীতিৰে গাঁওবাসীয়ে স্থানীয় কানাইচুবা কবৰস্থানত তেওঁৰ শেষ কৃত(জানাজা) সম্পন্ন কৰে।

উল্লেখযোগ্য যে মৃত কিচমত আলী গুজৰাট গান্ধীনগৰৰ ৭৪ বি এন বি এছ এফত কৰ্মৰত আছিল। একমাত্ৰ ২২ বছৰীয়া পুত্ৰ সন্তান এটি আৰু সহধৰ্মিনীৰ উপৰিও দুই কন্যা সন্তানক এৰি থৈ হঠাতে এনেদৰে জোৱানজনৰ অকাল মৃত্যুত স্বাভাৱিকতে শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ অঞ্চলটো।

জোৱানগৰাকীৰ মৃত্যুত মঙলদৈৰ বিধায়ক বসন্ত দাস, ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস,দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ চহিৰ ভূঞা, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদ কাৰ্যকৰী সভাপতি আয়ুব আনছাৰী, সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদ, নগৰবাহী আঞ্চলিক সমিতিৰ সভাপতি আমজেদ আলি, সম্পাদক ফাইজুৰ ৰহমান,নগৰবাহী ঈদগাহ সমিতি,কৰিমীয়া দাৰুল উলূম মাদ্ৰাছা পৰিচালনা সমিতিকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তি,দল সংগঠন , অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। পৰিয়ালটিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মৃত জোৱানগৰাকীৰ পুত্ৰ সন্তানটিক বি এছ এফত নিয়োগ কৰিবলৈ ৰাইজে অনুৰোধ জনাইছে।

ঘৰলৈ উভতাৰ পথত বি এছ এফ জোৱান কিছমত আলিৰ কৰুণ মৃত্যু
ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণ প্ৰদানত বিলম্ব!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in