ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণ প্ৰদানত বিলম্ব!

ৰাজ্যৰ মুখ্য সচিব, নগাঁৱৰ আয়ুক্ত সহ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণলৈ মানহানি আৰু ক্ষতিপূৰণৰ দাবীৰে আইনী জাননী প্ৰেৰণ
ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণ প্ৰদানত বিলম্ব!

ডিজিটেল সংবাদ, নগাঁওঃ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নগাঁও জিলাৰ মিছাত অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণ দীৰ্ঘদিনলৈ নোপোৱাত এগৰাকী ব্যক্তিয়ে আইনৰ আশ্ৰয় ল'বলগীয়া হৈছে৷ নিজৰ ভূমিৰ উপযুক্ত ক্ষতিপূৰণ বিচাৰি অধিবক্তাৰ জৰিয়তে দেৱানী কাৰ্য্য বিধিৰ ৮০নং ধাৰা মতে অসমৰ মুখ্য সচিব, নগাঁও জিলাৰ আয়ুক্ত, ভাৰতীয় প্ৰশাসনিক বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে এন এইচ আই ডি চি এললৈ মানহানি আৰু ক্ষতিপূৰণৰ দাবীৰে আইনী জাননী প্ৰেৰণ কৰিছে৷

ঘটনাৰ বিৱৰণি অনুসৰি নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত মিছা কিছামতৰ পট্টা নং ৪৪ ৰ দাগ নং ৯১৭ আৰু ৯১৮ দাগৰ ভূমি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে অধিগ্ৰহণ কৰিছিল৷ ঘাইপথৰ বাবে ভূমি অধিগ্ৰহণৰ ফলত ভূমিৰ গৰাকীয়ে পকী ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান হেৰুৱায়৷ ভূমিডোখৰৰ গৰাকী ক্ৰমে মুকুল বৰুৱা, তেওঁৰ বৌৱেক মৰমী বৰুৱা আৰু ভতিজা বিকিৰণ বৰুৱা৷ প্ৰথমে ভূমিখিনিৰ স্বত্ত্বক লৈ মুকুল বৰুৱা আৰু তেওঁৰ বৌৱেকৰ মনোমালিন্য হোৱাত নগাওঁ দেৱানী আদালতত টি. এছ. ১৭/২২ নম্বৰৰ এটা গোচৰ চলে৷ পৰৱৰ্তী গোচৰটোৰ ৰায় অনুসৰি দুয়োপক্ষই ঘাইপথ প্ৰাধিকৰণে প্ৰদান কৰা ক্ষতিপূৰণৰ ধন দেৱানী আদালতৰ নিৰ্দেশ মতে লাভ কৰিব৷

ঘাইপথ প্ৰাধিকৰণে ভূমিখিনি অধিগ্ৰহণ কৰাৰ ফলত ভূমিৰ ক্ষতিপূৰণ ৰূপে ১ কোটি ৯ লাখ ৯৮ হাজাৰ ২৬২ টকা মোকলাই দিয়ে৷ সেই ধনৰ পৰা মৰমী বৰুৱা আৰু তেওঁৰ পুত্ৰ বিকিৰণ বৰুৱাই ৫১ লাখ টকা আৰু বাকী সমুদায় টকা মুকুল বৰুৱাই লাভ কৰিব৷ কিন্তু কোনো ন্যায়সংগত কাৰণ নোহোৱাকৈ নগাওঁ জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে দীৰ্ঘদিনৰ পৰা পৰিয়ালটোৰ ভূমিৰ ক্ষতিপূৰণৰ ধন মোকলাই নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷

ইতিমধ্যে মুকুল বৰুৱা নামৰ ব্যক্তিজনে হাৰ্টত পেচ মেকাৰ লগোৱাৰ পিচত নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ কাৰ্যালয়ত সোশৰীৰে উপস্থিত হৈ কেবাবাৰো আবেদন জনাইছে৷ অভিযোগ অনুসৰি ২৬ মে' ২০২৩, ১৩ জুন ২০২৩, ৩ জুলাই ২০২৩, ২৭ ডিচেম্বৰ ২০২৩ তাৰিখ কেইটাত ব্যক্তিজনে জিলা আয়ুক্তক লগ ধৰে যদিও আয়ুক্ত গৰাকীয়ে প্ৰতিবাৰেই অভব্য আচৰণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে৷ কেৱল সেয়াই নহয়, ২৭ ডিচেম্বৰ ২০২৩ত জিলা আয়ুক্ত গৰাকীয়ে মুকুল বৰুৱা নামৰ ব্যক্তিজনক ৰাজহুৱাকৈ অপমান কৰি অন্য বহু মানুহৰ সন্মুখত কাৰ্যালয়ৰ উলিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে৷

মুকুল বৰুৱা নামৰ ব্যক্তিজন নগাওঁ জিলা পৰিষদৰ প্ৰাক্তন সদস্য হোৱাৰ উপৰিও বিগত বিধানসভা নিৰ্বাচনত কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা অসম জাতীয় পৰিষদ দলৰ মনোনিত হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ সামাজিক পৰিচয় আৰু স্বীকৃতি থকা এগৰাকী ব্যক্তিক এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ জিলা আয়ুক্তই এইদৰে অপমান কৰা কথাটো সচেতন মহলে সহজভাৱে লব পৰা নাই৷ সততে বিতৰ্কত সোমাই থকা নগাঁৱৰ এই গৰাকী আয়ুক্তক নাকী লগাবলৈ অসমৰ মুখ্য সচিবে কেনে ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হব৷

ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণ প্ৰদানত বিলম্ব!
দৰং জিলা সাহিত্য সভাৰ বিশ্ব পৰিৱেশ দিৱস পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in