ভাল খবৰ! নীলপৱন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মিত “ব্ৰাছ ষ্ট্ৰ’ক“ লৈ শ্ৰেষ্ঠ তথ্য চিত্ৰ বঁটা

মুম্বাই আন্তঃৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতাত “ ব্ৰাছ ষ্ট্ৰ’ক “ ছবিখনে শ্ৰেষ্ঠ তথ্য চিত্ৰৰ বঁটা লাভ কৰিছে ৷
ভাল খবৰ! নীলপৱন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মিত “ব্ৰাছ ষ্ট্ৰ’ক“ লৈ শ্ৰেষ্ঠ তথ্য চিত্ৰ বঁটা

ডিজিটেল সংবাদ,নগাঁও : মুম্বাই আন্তঃৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতাত “ ব্ৰাছ ষ্ট্ৰ’ক “ ছবিখনে শ্ৰেষ্ঠ তথ্য চিত্ৰৰ বঁটা লাভ কৰিছে ৷ নগাঁৱৰ বিশিষ্ট চিত্ৰ নিৰ্মাতা , চলচিত্ৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱাই “ ব্ৰাছ ষ্ট’ক “ ছবিখনি নিৰ্মান কৰি নগাঁৱৰ লগতে সমগ্ৰ ৰাজ্যলৈ কঢ়িয়াই আনিছে সুনাম ৷ বিশিষ্ট চিত্ৰ শিল্পী নীলপবন বৰুৱাৰ জীৱন আৰু শিল্পক কেন্দ্ৰ কৰি নিৰ্মান কৰা হৈছে ব্ৰাছ ষ্ট’ক নামৰ চুটি ছবিখনি ৷

৪৫ মিনিট দৈঘ্যৰ ছবি খনৰ পৰিচালনা-প্ৰযোজনাত পাৰ্থজিৎ বৰুৱা , সম্পাদনা হীৰক জ্যোতি পাঠক , কেমেৰাত নাহিদ আহমেদ , ছাউণ্ড ডিজাইনত দেৱজিৎ গায়ন , সংগীতত মনদ্বীপ মহন্ত ৷ শিল্পী নীলপবন বৰুৱাৰ নিঃসংগ জীৱন , শিল্প কৰ্ম আদি বিষয় সমূহ পাৰ্থজিৎ বৰুৱাই সুন্দৰ ভাবে ছুটি ছবি খনত দাঙি ধৰিছে ৷

আৰু পঢ়ক: 'আণ্ডাৰ ক'ভাৰ ক'প'! সমাধান কৰিলে ৰেগিঙৰ গোচৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in