ব্ৰীজভূষণৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেমৰ নিৰ্দেশ আদালতৰ

৫ টা গোচৰৰ পৰ্যাপ্ত প্ৰমাণ আছে..

author-image
Asomiya Pratidin
New Update
যৌন শোষণৰ অভিযুক্ত ব্ৰীজ ভূষণৰ পকচ' আইন সলাবলৈ শোভাযাত্ৰাৰ আয়োজন !

ডিজিটেল ডেস্কঃ মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতন চলোৱা অভিযোগত সাংসদ ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেমৰ নিৰ্দেশ দিছে আদালতে। যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ অধ্যক্ষ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে ৬ গৰাকী মহিলা খেলুৱৈয়ে গোচৰ ৰুজু কৰিছিল।

Advertisment

শুকুৰবাৰে উক্ত গোচৰৰ শুনানিত ৫ টা গোচৰৰ প্ৰমাণ আছে বুলি জনাই দিল্লীৰ ৰাউচ এভিনিউ আদালতে। আনহাতে আদালতৰ ৰায়ৰ পাছতে অভিযোগকাৰী খেলুৱৈ সাক্ষী মালিকে কয় যে,"এয়া আমাৰ জয়, আশা কৰো দোষীয়ে শাস্তি পাব।"

Also Read: কেজৰিৱালৰ জামিনঃ উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি আপ, অসমৰ...

wrestler protest india brijbhushan charan singh sakshi malik