কেজৰিৱালৰ জামিনঃ উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি আপ, অসমৰ...

কেজৰিৱালৰ জামিনঃ উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি আপ, অসমৰ...

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক উচ্চতম ন্যায়ালয়ে জামিনত মুক্তি দিয়াৰ লগে লগে উৎসাহিত হৈছে দেশৰ বিৰোধী ৰাজনৈতিক শিবিৰ। আজি জামিনৰ ৰায় ঘোষণা হোৱাৰ লগে লগে আপ, অসমৰ কাৰ্যালয়ত আনন্দ মুখৰ পৰিবেশ সৃষ্টি হয়।

উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয়, " অৰবিন্দ কেজৰিৱালৰ মুক্তিৰ লগে লগে দেশবাসীয়ে স্বস্তিৰ নিশ্বাস পেলাইছে। আমি উচ্চতম ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়ক আদৰণি জনাইছোঁ। দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ স্বাৰ্থত ন্যায়ালয়ৰ এই ৰায় ঐতিহাসিক হিচাপে বিবেচিত হ'ব। সম্পূৰ্ণ অন্যায় ভাবে কেন্দ্ৰীয় চৰকাৰে ইডিৰ জড়িয়তে আমাৰ দলৰ মুৰব্বী গৰাকীক গ্ৰেপ্তাৰ কৰিছিল।

কাৰাগাৰত এগৰাকী বহুমূত্ৰ ৰোগী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি হৈছিল। এতিয়া জামিন লাভৰ পিছত তেওঁৰ স্বাস্থ্যৰ যতন ল'ব পাৰিব। পলমকৈ হ'লেও অৱশেষত সত্যৰ জয় হ'ল। এই জয় অৱধাৰিত আছিল। তদুপৰি আগন্তুক দিনত ইণ্ডিয়া জোঁটৰ অংশীদাৰ দলৰ এগৰাকী নেতা হিচাপে কেজৰিৱালে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব।

আমি আশা কৰোঁ যে দেশৰ বিৰোধী ৰাজনীতিত কেজৰিৱালৰ সবল ভূমিকাই ধুমুহাৰ সৃষ্টি কৰিব। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মুক্তি স্বৈৰাচাৰী বিজেপিৰ পৰাজয়ৰ আগজাননী । " আজি ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ডাঃ ভবেন চৌধুৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in