চেইন দে ! এইবাৰ কমাৰ্চত পিষ্টল দেখুৱাই মহিলাৰ পৰা কাঢ়ি নিলে সোণৰ চেইন...

চেইন দে ! এইবাৰ কমাৰ্চত পিষ্টল দেখুৱাই মহিলাৰ পৰা কাঢ়ি নিলে সোণৰ চেইন...
চেইন দে ! এইবাৰ কমাৰ্চত পিষ্টল দেখুৱাই মহিলাৰ পৰা কাঢ়ি নিলে সোণৰ চেইন...

ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পিষ্টল দেখুৱাই দুৰ্বৃত্তই মহিলাৰ পৰা কাঢ়ি নিলে সোণৰ চেইন।

গুৱাহাটীৰ ৰাজগড়, কমাৰ্চ পইণ্টৰ কাষতে সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে এখন মটৰ চাইকেলত অহা দুৰ্বৃত্তই পদপথেৰে গৈ থকা এগৰাকী মহিলাক পিষ্টল দেখুৱাই তেওঁ পৰিধাণ কৰি থকা সোণৰ চেইন কাঢ়ি লৈ গৈছে।

ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে আৰক্ষীক অৱগত কৰিবলৈ চানমাৰি আৰক্ষী থানালৈ যায়। উল্লেখ্য যে গুৱাহাটী মহানগৰীত ধাৰাবাহিক ভাৱে অনুৰূপ ঘটনা সংঘটিত হৈ আহিছে যদিও আৰক্ষীয়ে কেৱল নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in