
গুৱাহাটী আই আই টিৰ অধ্যাপকৰ আত্ম হনন।
গুৱাহাটীৰ আই আই টিত তেওঁ বাস কৰা কোঠাত চিপ লৈ থকাৰ অৱস্থাত উদ্ধাৰ মৃতদেহ।
অধ্যাপকজনৰ নাম সমীৰ কামাল।
অধ্যাপক কামালৰ ঘৰ দিল্লীত।
গণিত বিভাগৰ অধ্যাপক আছিল তেওঁ।
কি কাৰণত অধ্যাপকজনে আত্মহত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
তেওঁ বাসকৰা আই আই টিৰ কোঠাটো আছিল ডি ০০২।
আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি দণ্ডাধীশকৰ উপস্থিতি প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষালৈ।
ইয়াৰ কিছুদিনৰ পূৰ্বেও দুজনকৈ ছাত্ৰই আত্মহনন কৰিছিল গুৱাহাটী আই আই টিত।
সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আব্যাহত।