বিবাহস্থলীত আৰক্ষী ! পলাই পত্ৰই দিলে কইনাৰ সৈতে পিতৃ-মাতৃ, নাহিল দৰা...

বিবাহস্থলীত আৰক্ষী ! পলাই পত্ৰই দিলে কইনাৰ সৈতে পিতৃ-মাতৃ, নাহিল দৰা...
বিবাহস্থলীত আৰক্ষী ! পলাই পত্ৰই দিলে কইনাৰ সৈতে পিতৃ-মাতৃ, নাহিল দৰা...

ডিজিটেল সংবাদ নগাঁও : কইনা পলাল বিবাহস্হলীৰ পৰা ৷ বিবাহস্হলীৰ পৰা কইনাই নহয়, কইনাৰ পিতৃ, মাতৃ, আত্মীয় সকলো পলাল ৷ অতিথি, দৰ ঘৰৰ বাবে সাজু কৰা খাদ্য সম্ভাৰ টেবুলতে থাকিল পৰি।

নগাঁও চহৰৰ পাৰ্শ্ববৰ্তী কাতিমাৰীত সংঘটিত হৈছে এই ঘটনা ৷ কইনা, পিতৃ, মাতৃ সকলো বিবাহস্হলীৰ পৰা পলায়ন কৰা ঘটনাই চাঞ্চল্যৰ লগতে আমোদৰ খোৰাকো দিছে ৷ ঘটনাটো সংঘটিত হৈছে সোমবাৰৰ নিশা ৷

দৰাৰ অপেক্ষাত থকা সময়তে পিতৃ-মাতৃয়ে পলায়ন কৰা ঘটনাৰ কাৰণ হৈছে আৰক্ষী ৷ আৰক্ষী বিবাহস্হলীত উপস্হিত হোৱাৰ পিছতে কইনাঘৰীয়া সকলো পলাই পত্ৰং দিয়ে৷ আৰক্ষীয়ে কইনা আৰু পৰিয়ালৰ লোকৰ সন্ধান কৰিলে বিচাৰো এজনকো নাপালে ৷

পিছত দুজন আত্মীয়কে বিবাহস্হলীৰ পৰা আটক কৰি নগাঁও সদৰ থানা পালেহি আৰক্ষীৰ দল ৷ অভিযোগ মতে কাতিমাৰীৰ চহিদুল ইছলাম আৰু আৰ্জুৱা বেগমৰ কন্যাৰ বিবাহৰ দিন স্থিৰ কৰা হৈছিল সোমবাৰে নিশা ৷

দৰা নগাঁও জিলাৰ জুৰীয়াৰ ৷ আৰক্ষীয়ে খবৰ পালে কইনা নাবালিকা ৷ বিবাহত বহিবৰ বাবে উপয়ুক্ত বয়স হোৱা নাই ৷ আৰক্ষীয়ে খবৰ লাভ কৰি বাল্য বিবাহৰ সন্দৰ্ভত অভিযান আৰম্ভ কৰি কাতিমাৰীৰ বিবাহস্হলীত উপস্হিত হোৱাৰ পিছতে সোধপোচ আৰম্ভ কৰিলে ৷

সোধপোচৰ মাজতে পিতৃ-মাতৃয়ে নাবালিকা কন্যাক লৈ বিবাহস্হলীৰ পৰা পলায়ন কৰে ৷ কইনা বিবাস্হলীৰ পৰা পলায়ন কৰাৰ পিছত আৰক্ষীয়ে অপেক্ষা কৰিলে দৰাৰ বাবে ৷

অপেক্ষা কৰিলে কইনাক নিকাহ কৰিবলৈ দৰা আহিব বুলি ৷ কিন্তু দৰাৰ ফৈদ কইনা ঘৰলৈ অহাৰ কোনো লক্ষণ নেদেখি আৰক্ষীয়ে বিবাহস্হলীৰ পৰা কইনাৰ ককাক আৰু পেহাকক সোধপোচৰ বাবে আটক কৰি আৰক্ষী দলে বিবাহস্হলী এৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in