ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতসমূহ লৈহে জীয়াই আছে বটলিফ ফেক্টৰীসমূহঃ তুষাৰ বৰা

ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতসমূহ লৈহে জীয়াই আছে বটলিফ ফেক্টৰীসমূহঃ তুষাৰ বৰা

author-image
Asomiya Pratidin
New Update
ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতসমূহ লৈহে জীয়াই আছে বটলিফ ফেক্টৰীসমূহঃ তুষাৰ বৰা

ডিজিটেল সংবাদ, বিহালীঃ প্ৰায় দুমাহ মানৰ আগতে টি ব'ৰ্ড অফ ইণ্ডিয়া আৰু FSSAI য়ে যৌথভাৱে বটলিফ ফেক্টৰী বিলাকৰ ওপৰত যি নিৰ্দেশনা জাৰি কৰি ৰাসায়ন বিমুক্ত চাহপাত উৎপাদন কৰা নিৰ্দেশনা দিছিল। যাৰ পৰিপ্ৰেক্ষিতত অসমৰ বটলিফ টি ফেক্টৰী এচোছিয়েশ্যনে ১জুনৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেচা পাত নোলোৱাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিল এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই ।

Advertisment

এক প্ৰেছ বিজ্ঞপ্তিযোগে মুখপাত্ৰ তুষাৰ বৰাই কয় যে বটলিফ টি ফেক্টৰী এচোছিয়েশ্যনে চৰকাৰ তথা চাহ বৰ্ডৰ পৰা যি এচ'অ'পি ৩১ মে'ৰ আগে আগে দাবী কৰিছিল, এই দাবীৰ ন্যায্যতা আছে কাৰণ বটলিফ টি ফেক্টৰীসমূহে কেচা পাত লোৱাৰ আগে আগে সেই পাতখিনি ৰাসায়নমুক্ত হয় নে নহয় তাৰ পৰীক্ষা কৰাৰ ব্যৱস্থা তেওঁলোকৰ হাতত নাই বুলি মন্তব্য কৰে।

মুখপাত্ৰ তুষাৰ বৰাই কয় যে ,বিশ্বনাথ জিলাত এক গৰিষ্ঠ সংখ্যক চাহ খেতিয়ক আছে, এই ক্ষেত্ৰত চৰকাৰ তথা চাহ বৰ্ডে যদি এক সুস্থ চাহ নীতি তথা এচ'অ'পি লৈ নাহে তেন্তে এই ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱনলৈ ভয়ংকৰ দূৰ্যোগ নামি আহিব৷ অকল ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱন জীৱিকা শেষ হৈ যাব এনে নহয়, বটলিফ টি ফেক্টৰীসমূহো বন্ধ হৈ যাব কাৰণ বটলিফ ফেক্টৰীসমূহ জীয়াই আছে একমাত্ৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতসমূহ লৈ।

বটলিফ টি ফেক্টৰীসমূহে প্ৰায় ৫২% কেচা পাত ক্ষুদ্ৰ খেতিয়কসকলৰ পৰা লৈ তেওঁলোকৰ কলঘৰসমূহ চলায় আছে। এই ক্ষেত্ৰত চৰকাৰে ইমান দিনে এক সুস্থ নীতি নোলোৱাৰ বাবে চৰকাৰ তথা টি ব'ৰ্ডক ধিক্কাৰ দি অতি সোনকালে সংশ্লিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক তথা মালিকসকলৰ লগত এক আলোচনা কৰি এই সংকট দূৰ কৰাৰ দাবী কৰে বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই৷

Also Read: বানপানীৰ কবলত বৰাকঃ স্থগিত আসাম বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজসমূহৰ স্নাতক-ছেমিষ্টাৰৰ পৰীক্ষা

biswanath