বৰপানী নদীৰ ভয়াৱহ ৰূপঃ উটুৱাই নিলে দলং, চিগিল মথাউৰি ...

বৰপানী নদীৰ ভয়াৱহ ৰূপঃ উটুৱাই নিলে দলং, চিগিল মথাউৰি

author-image
Asomiya Pratidin
New Update
বৰপানী নদীৰ ভয়াৱহ ৰূপঃ উটুৱাই নিলে দলং, চিগিল মথাউৰি ...

ডিজিটেল সংবাদ,কামপুৰঃ যোৱা বিগত তিনিদিন হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৰপানীৰ ওপৰত থকা কাৰ্বি লংপি হাইড্ৰ' প্ৰজেক্টে মংগলবাৰে দুপৰীয়া চাৰিখন গেইটেৰে পানী এৰি দিয়ায পিছত বৰপানী নদীৰ বাঢ়নী পানীয়ে কচুৱা অঞ্চলত ভয়াবহ ৰূপ ধাৰন কৰিছে।

Advertisment

ভয়াবহ বানে উজানমাৰীৰ এখন কাঠ দলং উটুৱাই নিয়াৰ লগতে মাধৱপাৰাত এটা মাথাউৰী চিঙি লৈ যায়।কচুৱা আৰু শিমলুগুৰী সংযোগী অতি গুৰুত্বপূৰ্ণ এই কাঠৰ দলংখন উটুৱাই নিয়াত ব্যাপক যাতায়ত সমস্যাই দেখা দিছে।তাৰোপৰি শিঙিমাৰী বজাৰ পাৰঘাটৰ চাং দলং আৰু লীলাৰ ঘাটত থকা চাং দলং দুখন উটুৱাই নিয়াত ৰাইজৰ বিলৈ নোহোৱা হৈছে ৷

ইপিনে মাধৱপাৰা-জুৰিৰপাৰ পথৰ ওপৰেদি দুফুট উচ্চতাৰে বানী বৈ থকাত নৈ পৰীয়া লোকৰ যাতায়াত যোগাযোগ বিচ্চিন্ন হৈ পৰিছে ৷ মাধৱপাৰা-চিতলমাৰীত বৰপানী নদীৰ মথাউৰি ভাঙি তীব্ৰ বেগে পানী সোমাইছে ৷বাতৰি লিখা পৰলৈকে নগাওঁ-কাৰ্বি আংলং সীমাৰ বৰচালি ,নিজ লেংৰি ,টেংৰাটেক আৰু মাইচাম গাঁৱত বৰপানী নদীৰ বাঢ়নী পানী সোমাইছে ৷

কচুৱাৰ পুঠিমাৰী ,মিছামাৰী , গৰুবান্ধা , ৰমনীপথাৰ ,পমিলা জাৰনী আৰু লংজাপৰ চাৰিখন গাঁৱতো পানী সোমাইছে ৷ নব্বৈ শতাংশ কৃষকে ইতিমধ্যে বৰোধানৰ খেতি চপাইছিল যদিও বাকী দহ শতাংশ কৃষকৰ পকা খেতি পানীৰ তলত ডুব যাব ধৰিছে ৷ আন এক খবৰ মতে মাধৱপাৰা-পমিলাৰ বৰপানী নদীৰ কিনাৰেদি যোৱা চৰকাৰৰ তথাকথিত মথাউৰিটোৰ ওপৰেদিও পানী বাগৰিছে ৷

নদীৰ ভয়াৱহ ৰূপ দেখি নিশাটোৰ ভিতৰতে পমিলা ,উজানমাৰীতো মথাউৰি ভঙাৰ সম্ভাৱনা আছে বুলি জনা গৈছে ৷ বিগত দুটা মাহ তীব্ৰ খৰাং আৰু উৎকট গৰমৰ পিছতে হঠাং হোৱা বানে ৰাইজ দিকভ্ৰষ্ট হৈ পৰিছে ৷

Also Read: GST ৰ নামত ৫০কোটিৰো অধিক টকা লুটি নিয়া শিবাংগু পালক লৈ ধেমাজিত সংবাদমেল...

কামপুৰ বৰপানী