GST ৰ নামত ৫০কোটিৰো অধিক টকা লুটি নিয়া শিবাংগু পালক লৈ ধেমাজিত সংবাদমেল...

GST ৰ নামত ৫০কোটিৰো অধিক টকা লুটি নিয়া শিবাংগু পালক লৈ ধেমাজিত সংবাদমেল...

ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি নগৰত GST কনছালটেণ্টৰ প্ৰতিষ্ঠান খুলি ৫০ কোটিৰো অধিক টকা জালিয়াতিৰে সৰকাই নি তিনিবছৰে পলাতক হৈ থকা শিবাংগু পালক ইতিমধ্যে ধেমাজিৰ আৰক্ষীয়ে কৰায়ত্ত কৰা পিছত জিএছটিৰ নামত জাল পেলাই দালাল ৰূপী শিৱাংগুৱে ইজনৰ পিছত সিজন ব্যৱসায়ীক কৰা জালিয়াতিৰ কাহিনীৰ পোহৰলৈ আহিছে ৷

একাংশ কৰ বিভাগৰ ধুৰন্ধৰ বিষয়া কৰ্মচাৰীৰে সৈতে গোপন বুজাবুজিৰে জিলাখনৰ ষাঠীৰো অধিক ব্যৱসায়ীক জাল পেলাই অসমৰ লগতে অৰুণাচলৰ ৰাজ্যৰ লৈকে কোটি কোটি টকা আত্মসাত কৰি বিগত তিনি বছৰে পলাতক হৈ আছিল ধুৰন্ধৰ শিবাংগু পালে৷ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ পিছত আদালতৰ পৰা ছয় দিনৰ বাবে আৰক্ষী জিম্মাত লোৱা শিৱাংগুৰ তদন্তক লৈ আৰক্ষীয়ে সংবাদ মাধ্যমকো অবগত কৰাৰ পৰা বিৰত ৰাখিছে ৷

সোমবাৰে কেৱল অসমীয়া প্ৰতিদিনৰ ডিজিটেলত শিৱাংগু পালৰ গ্ৰেপ্তাৰ বাতৰি প্ৰকাশ হোৱা পিছতেই মঙলবাৰে ধেমাজি প্ৰেছ ক্লাৱত ধেমাজি, চিলাপথাৰ , জোনাই , গোগামুখ ,বৰদলনিকে ধৰি জিলাখনৰ প্ৰায় দুইকুৰিত কৈ অধিক ব্যৱসায়ীয়ে মিলিত হৈ এখনি সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত ব্যৱসায়ী সকলে বিগত ২০১৭ চনৰ পৰাই ২০২১ চনৰলৈকে কি দৰে জাল পেলাই লুন্ঠন কৰা বিষয়ে অবগত কৰে ৷ ইতিমধ্যে জি এছ টিৰ জালিয়াতিৰ সম্পৰ্কে বহু কেইবাগৰাকী ব্যৱসায়ীয়ে

সুকীয়া সুকীয়াকৈ জিলাখনৰ কেইবাখনো আৰক্ষী থানাত এজাহাৰ দাখিল কৰা উপৰিও ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪০৬/৪৬৮ ধাৰাৰ অধীনত ধেমাজি সদৰ আৰক্ষী থানাত গোচৰ নং ১৫৯/২০২১ চনত ৰোজু হোৱা গোচৰলৈ আৰক্ষীয়ে তদন্তঅব্যাহত আছিল ৷ ধেমাজি সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা শিৱাংগু পালৰ কেলেংকাৰী সন্দৰ্ভত বহুকেইজন লোকে

ঘটনাৰ সম্পৰ্কে বৰ্ণনা কৰে ৷ ব্যৱসায়ী ভূৰাম দত্ত, ৰিংকু গগৈ, খগেন গগৈ, মনোজ শৰ্মা, বিনোদ কুমাৰ ৰয়, ৰাজীৱ পাল, ৰঞ্জন গগৈ, গুপ্তা ষ্টোৰ, জোনাই ষ্টোৰ, দীপক দে, হিমাংশু চেলেং, অভিজিৎ নন্দী, শ্ৰীশ্যাম ষ্টীল, নেপাল দাস, সঞ্জয় পাল, দীপক বিশ্বাস, নিতুল দত্ত, উত্তম চৌধুৰী, ৰাজেশ গান্ধী, দাস ব্ৰাদাৰ্চ, বন্দনা ষ্টোৰ, তানিশা এণ্টাৰপ্ৰাইজ, দেৱ এণ্টাৰপ্ৰাইজ, এমপিজি এজেন্সি, সংগীতা এণ্টাৰপ্ৰাইজ, বি ডি এণ্টাৰপ্ৰাইজ, বিশ্বকৰ্মা ইঞ্জিনীয়াৰিং, দৃষ্টি এণ্টাৰপ্ৰাইজ, তাপচ কুণ্ডু, গান্ধী ইলেক্ট্ৰনিকচ, হৰি সোণোৱাল, নিতেশ এজেন্সি, পিবি এণ্টাৰপ্ৰাইজ, এম এচ কে টি এণ্টাৰপ্ৰাইজ, এম এছ গগৈ ষ্টোৰ , পিংকু দুৱৰা , ৰাজ কুমাৰ গুপ্তা ,ফণীধৰ বৰশইকীয়া , মনোজ দাস ,অনিল দাস , মুহিম ফুকন ,কেশৱ টায়ে , নিউ ভৱানী ষ্টোৰ , অনিল চাহু , পাল এন্টাপ্ৰাইজ , ৰাহুল দিহিঙীয়া, ভদ্ৰ ফুকন , জে এম এন্টাপ্ৰাইজ , এম এছ লক্ষ্মী কেন্দ্ৰ , ৰতন কুণ্ড , মনি দাস ,এমএছ পৰিবাৰ , নিউ পৰিবাৰ , এমএছ মা মনালিছা টিমবাৰ এণ্ড চিজিং ডিপু আদিকে ধৰি

অৰ্ধশতাধিক ব্যৱসায়িক প্ৰতিষ্ঠানে পালৰ ওচৰত জিএছ টি পৰিশোধ কৰাৰ কথা উল্লেখ কৰে ৷ তেওঁলোকে উল্লেখ কৰা মতে চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা জিএচটিৰ কাম নজনাৰ বাবে দুবছৰৰো অধিক কাল শিৱাংগু পালৰ জৰিয়তে টেক্স ৰিটাৰ্ণ কৰি আহিছিল। ইয়াৰ বিনিময়ত পালক প্রয়োজনীয় নথি-পত্ৰৰ লগতে সময়মতে নির্ধাৰিত হাৰত বেতন আদি পৰিশোধ কৰিছিল। কিন্তু হঠাতে উক্ত ব্যবসায়ীসকলৰ জি এছ টি নম্বৰবোৰ বন্ধ হৈ পৰে। উপায়হীন হৈ উক্ত ব্যবসায়ীসকলে ধেমাজিত থকা জি এছ টি অফিচলৈ গৈ খবৰ কৰাত তেওঁলোকৰ জি এছ টি নম্বৰৰ পৰা কিনা- বেচাতকৈ অত্যধিক হাৰত জি এছ টি বিল দি থকা দেখুওৱাৰ ফলতে তেওঁলোকৰ জি এছ টি নম্বৰসমূহ বন্ধ হৈ পৰা বুলি জানিব পাৰে।

লগে লগে ব্যৱসায়ীসকলে শিবাংগ পালক ফোন কৰে যদিও ফোনসহ দোকান বন্ধ কৰি পালে ধেমাজিৰ পৰা পলায়ন কৰে। তেতিয়া উপায়হীন হৈ ব্যৱসায়ীসকলে ধেমাজিস্থিত জি এছ টি কার্যালয়ৰ লগত যোগাযোগ কৰি শিবাংগু পালে ব্যৱসায়ীসকলৰ অজ্ঞাতে তেওঁলোকৰ জি এছ টি নম্বৰত পালৰ নিজা ই-মেইল আই ডিসহ ম'বাইল নম্বৰ ব্যৱহাৰ কৰি কোটি কোটি টকাৰ জি এছ টি বিল অবৈধ হিচাপে অসমৰ বিভিন্ন ঠাইৰ লগতে অৰুণাচলৰ বিভিন্ন দোকান আৰু ঠিকাদাৰক প্ৰদান কৰাৰ কথা জানিব পাৰে।

যাৰফলত অবৈধ আৰু অতিৰিক্ত বিলসমূহৰ যি পৰিমাণৰ কৰ হয় সেয়া উক্ত ব্যৱসায়ীসকললৈ সুদৰ সৈতে জি এছ টি অফিচৰ পৰা নটিচ প্ৰেৰণ কৰে ৷ ফলত ব্যৱসায়ীসকলে মূৰেকপালে হাত দিবলগীয়া হয় ৷ এনেদৰে ব্যৱসায়ীৰ মূৰত মাধমাৰ সোধাই পলাই থকা লুণ্ঠনকাৰী শিৱাংগু পালক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত ভুক্তভোগী ব্যৱসায়ীসকলে সন্তোষ প্ৰকাশ কৰা লগতে ধুৰন্ধৰ শিৱাংগু পালক উচিত শাস্তি প্ৰদান কৰিবলৈ সংবাদমেল যোগে আহবান জনায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in