বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনক লৈ ব্যাপক প্ৰস্তুতি...

বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনক লৈ ব্যাপক প্ৰস্তুতি...

author-image
Asomiya Pratidin
New Update
বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনক লৈ ব্যাপক প্ৰস্তুতি...

বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনক লৈ ব্যাপক প্ৰস্তুতি...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনকলৈ কোকৰাঝাৰ জিলাৰ পাটগাঁৱত ব্যাপক প্ৰস্তুতি চলিছে ৷ অহা ২৩ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশন অনুষ্টিত হ'ব।

Advertisment

ইপিনে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনৰ আজি লাইখুঁটা স্থাপন কৰা হয় ৷ পাটগাঁও ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি আৰু সৰলভাঙা নৈ’ৰ পাৰৰ এক নান্দনিক দৃশ্যৰে ভৰপুৰ ৰাণী খালাইশ্ৰী পথাৰত অনুষ্ঠিত হ'বলগীয়া বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ লাইখুঁটা আজি মাংগলিক কাৰ্যসূচীৰে স্থাপন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷

বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে সদৰি কৰা মতে অধিৱেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ তিনি হেজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷ বহিৰাষ্ট্ৰ নেপাল আৰু বাংলাদেশৰ লগতে চুবৰীয়া ৰাজ্য পশ্চিমবংগৰ বড়োমূলীয় বিশিষ্ট লোকেও বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনত অংশগ্ৰহণ কৰিব ৷

বড়ো সাহিত্য সভাৰ এই ৬২ সংখ্যক অধিবেশনতে বড়ো সহিত্য সভাৰ পুৰণি কেন্দ্ৰীয় সমিতিখন ভংগ কৰি নতুন কেন্দ্ৰীয় সমিতি গঠন কৰা হ'ব বুলি সদৰি কৰিছে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই।

উল্লেখ্য যে, লাইখুঁটি স্থাপনৰ শুভাৰম্ভ অনুষ্ঠানত অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ তথা কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী, এবছুৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী, কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক জনীল কুমাৰ ব্ৰহ্ম আৰু বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো সহ সভাৰ বিভিন্ন কেন্দ্ৰীয় আৰু জিলা নেতৃবৃন্দ উপস্থিত থাকে ৷

ক্লিক কৰি পঢ়কঃ অৰুণাচল, ভূটানকে ধৰি কেওফালে বৃহৎ নদীবান্ধঃ কিমান দিনলৈ সুৰক্ষিত অসম ?

boro sahitya sabha