বৰহোলা গ্ৰন্থমেলা আৰম্ভ

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ চতুৰ্দশ বৰহোলা গ্ৰন্থমেলা আৰম্ভ,গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ 'দলং' উন্মোচন

author-image
Asomiya Pratidin
New Update
বৰহোলা গ্ৰন্থমেলা  আৰম্ভ

বৰহোলা গ্ৰন্থমেলা আৰম্ভ

ডিজিটেল সংবাদ ,বেকাজানঃ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ উদ্যোগত বৰহোলা মহাবিদ্যালয়ৰ পুথিভঁৰাল সহযোগত বৰহোলা মহাবিদ্যালয় বাকৰিত বুধবাৰৰ পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে চতুৰ্দশ বৰহোলা গ্ৰন্থমেলা । আজিৰ পুৱা ১১ বজাত গ্ৰন্থমেলাৰ যৌথভাৱে পতাকা উত্তোলন কৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিকৰ সভাপতি দেৱজিত পাঠক আৰু উদযাপন সমিতিৰ সভাপতি বুদ্ধিন্দ্ৰনাথ হাজৰিকাই ।

Advertisment

দুপৰীয়া চতুৰ্দশ বৰহোলা গ্ৰন্থমেলাৰ দ্বাৰ ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তিতাবৰ সমষ্টিৰ ভাস্কৰজ্যোতি বৰুৱাই । ভাষণত তেওঁ কয় যে গ্ৰন্থ বিপনী সংখ্যা বৃদ্ধি মুখ্য কথা নহয় আচল কথা ৰুচিশীল পাঠকৰ সৃষ্টি হোৱাতো । সেয়ে গ্ৰন্থমেলা বহল ভিত্তিত হ'ব লাগে । বৰ্তমান সমাজৰ একাংশ মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰীৰ গ্ৰন্থ অধ্যয়নৰ স্পৃহা প্ৰতি হ্ৰাস পাই অহাৰ খুবেই দুভাগ্যজনক বিষয় বুলি অভিহিত কৰে । তেওঁ যুৱ প্ৰজন্মক গ্ৰন্থ অধ্যয়নত আগ্ৰহী হবলৈ আহবান জনায় ।

আনহাতে বিয়লি চতুৰ্দশ বৰহোলা গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি কবি যদুমণি চুতীয়াই সম্পাদনা কৰি উলিওৱা 'দলং' স্মৃতিগ্ৰন্থ উন্মোচন কৰে সপোন কবি মহেন্দ্ৰ নাথ হাজৰিকাই । আনহাতে যোৰহাটৰ শব্দ প্ৰকাশে প্ৰকাশ কৰি উলিওৱা পাপৰি গগৈৰ উপন্যাস 'অজস্ৰ সোণাৰু সৰলি ' । উন্মোচন কৰি ড০ মানিক শইকীয়াই কয় ভাৰতীয় সাহিত্য কাহিনী সাহিত্য বিশেষ স্থান লাভ কৰি আহিছে। সেয়ে কাহিনী সাহিত্যই বিকাশ লাভ কৰাৰ ফলশ্ৰুতিতেই উপন্যাস সৃষ্টি হৈছে। উপন্যাস হৈছে লেখৰ মানস ভ্ৰমণ । গতিকে এখন ভাল উপন্যাসে পাঠকৰ মানস জগতৰ মনৰ ভিতৰলৈ লাগিব। ইয়াতে। এজন সৃষ্টিশীল লেখকৰ প্ৰকৃত কৃতকাৰ্যতা।

ইয়াৰ পাছতে বৰহোলা কবি সন্মিলনৰ উদ্যোগত 'কবিতাৰে জীপাল হওক গ্ৰন্থমেলাৰ বাকৰি' শীৰ্ষক কবিতাৰ অনুষ্ঠান অনুষ্ঠিত হয়। কবিতা অনুষ্ঠানটিত উপস্থিত থাকে অসমৰ বিশিষ্ট কবি ৰণজিত গগৈ,মনোজ্ঞ প্ৰাণ বৰদলৈ, দিপাংকৰ বৰা ,প্ৰিয়ংকা ফুকন সাংবাদিক মণ্টুচ্ কোঁৱৰ , বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ বিজয়মোহন সন্দিকৈ , ডম্বৰু চুতীয়া, সাংবাদিক হৰেন গগৈ কবি ৰূপা নেওগ হাজৰিকা, লেখক গৌতম হাজৰা, সাংস্কৃতিক কৰ্মী গোবিন মহন্ত বৰহোলা মহাবিদ্যালয় সহকাৰী অধ্যাপক ড০ ৰাণা বৰা,অমল সোণোৱালে।

আৰু পঢ়কঃ জি-২০ৰ প্ৰতিনিধিৰ বাবে ৪ ফেব্ৰুৱাৰীত কাজিৰঙাৰ ৩টা বনাঞ্চল বন্ধ ঘোষণা

book fair