জি-২০ৰ প্ৰতিনিধিৰ বাবে ৪ ফেব্ৰুৱাৰীত কাজিৰঙাৰ ৩টা বনাঞ্চল বন্ধ ঘোষণা

জি-২০ৰ প্ৰতিনিধি কাজিৰঙাত উপস্থিত হোৱাৰ পৰিপ্ৰেক্ষিতত অহা ৪ ফেব্ৰুৱাৰীত বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

author-image
Asomiya Pratidin
New Update
জি-২০ৰ প্ৰতিনিধিৰ বাবে ৪ ফেব্ৰুৱাৰীত কাজিৰঙাৰ ৩টা বনাঞ্চল বন্ধ ঘোষণা

কাজিৰঙাৰ ৩টা বনাঞ্চল বন্ধ ঘোষণা

ডিজিটেল সংবাদ, কাজিৰঙাঃ জি-২০ৰ প্ৰতিনিধি কাজিৰঙাত উপস্থিত হোৱাৰ পৰিপ্ৰেক্ষিতত অহা ৪ ফেব্ৰুৱাৰীত বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা, বাগৰি আৰু অগৰাতলি বনাঞ্চলৰ জীপ চাফাৰী পৰ্যটকৰ বাবে বন্ধ ৰখা হ’ব ৷ বুধবাৰে এক নিৰ্দেশনাযোগে এই ঘোষণা কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

Advertisment

উদ্যানৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ স্বাক্ষৰিত পত্ৰখনিৰ যোগেদি জনোৱা হয় যে জীপ চাফাৰী বন্ধ থাকিলেও কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ চৰকাৰী হাতী চাফাৰী আৰু বাগৰি বনাঞ্চলৰ বেচৰকাৰী হাতী চাফাৰী পূৰ্বৰ দৰেই চলিব ৷ ইপিনে, কাজিৰঙাৰ মূল প্ৰৱেশদ্বাৰ কহঁৰা চাৰিআলিৰ কদৰ্যময় ৰূপ নাইকিয়া কৰিবলৈ কাজিৰঙাৰ বনবিভাগ, পৰ্যটন বিভাগ অথবা স্থানীয় প্ৰশাসন কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেই সম্বন্ধে কোনো মত ব্যক্ত কৰা নাই ৷

তথ্য অনুসৰি, জি-২০ৰ প্ৰতিনিধি দলটোৱে ৪ ফেব্ৰুৱাৰীৰ পুৱা ৯:৩০ ত কাজিৰঙাত উপস্থিত হৈ কাজিৰঙাৰ কহঁৰা, বাগৰি আৰু অগৰাতলি বনাঞ্চল ভ্ৰমণ কৰিব ৷ দলটোৰ সতে উচ্চস্তৰীয় চৰকাৰী প্ৰতিনিধি উপস্থিত থাকিব ৷

উদ্যান দৰ্শনৰ সমান্তৰালভাৱে বন বিভাগৰ কহঁৰাস্থিত সংগ্ৰহালয়, পাণবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ তথা হাতীখুলি চাহ বাগিচা দৰ্শন কৰোৱাৰ ব্যৱস্থা কৰিছে চৰকাৰীভাৱে ৷ সিদিনাখনেই বিয়লি ৪:৩০ লৈকে কাজিৰঙাত দলটোৱে কাজিৰঙাৰ পৰা উভতিব বুলি জনায় ৷

আৰু পঢ়কঃ ৰজাঘৰীয়াক কাকুতি মিনতি কৰিও লাভ কৰা নাই চৰকাৰী আঁচনিৰ সুবিধা

kaziranga national park বন্ধ ঘোষণা