মৰ্মান্তিক: দুই সন্তানক বুকুত বান্ধি ব্ৰহ্মপুত্ৰত জাপ দিলে মাতৃয়ে...

দুই সন্তানক বুকুত বান্ধি ব্ৰহ্মপুত্ৰত জাপ দিলে মাতৃয়ে...

author-image
Asomiya Pratidin
New Update
মৰ্মান্তিক: দুই সন্তানক বুকুত বান্ধি ব্ৰহ্মপুত্ৰত জাপ দিলে মাতৃয়ে...

ডিজিটেল সংবাদ, বৰবৰুৱা: বৰবৰুৱাৰ বগীবিলত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। বৰবৰুৱাৰ বগীবিলত এগৰাকী মাতৃয়ে দুই সন্তানক লগত লৈ ব্ৰহ্মপুত্ৰত জাপ দি বাছি ল'লে চৰম পন্থা। ঘটনাস্থলীত এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

Advertisment

বৰ্তমানেও সন্ধান ওলোৱা নাই মাতৃ আৰু দুই সন্তানৰ। জানিব পৰা মতে নিখোজ মহিলা গৰাকী মহাৰাষ্ট্ৰৰ পূনম গিৰি ভাৰতীয় সেনা বাহিনীৰ কৰ্মৰত উড গিৰিৰ পত্নী আছিল। উদ গিৰি কৰ্মসূত্ৰে চিলাপথাৰত কৰ্মৰত আছিল।

স্থানীয় ৰাইজে পাৰিবাৰিক সংঘৰ্ষৰ বাবেই এই মৰ্মান্তিক ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে। এপ্ৰিল মাহৰ পৰা দুই সন্তান সহ: পতি-পত্নী চিলাপথাৰস্থিত ভাৰতীয় সেনা বাহিনীৰ চাউনীত বাস কৰিছিল।

Also Read: তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত বানৰ সংহাৰী ৰূপ : কেইবাখনো ৰে’ল বাতিল

bogibeel