চাবুৱা শাখা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ...

চাবুৱা শাখা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ...
চাবুৱা শাখা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ...

ডিজিটেল সংবাদ চাবুৱাঃ অসম সাহিত্য সভাৰ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ অন্যতম শক্তিশালী শাখা চাবুৱা শাখা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ তথা দায়িত্ব অৰ্পণ অনুষ্ঠানটি আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজেৰে সম্পন্ন হৈ যায়।

চাবুৱা পৌৰসভাৰ স্থায়ী সভাকক্ষত চাবুৱা শাখা সাহিত্য সভাৰ বিদায়ী সভাপতি ভাগ্যেশ্বৰ গগৈৰ পৌৰোহিত্যত আৰু উপ-সভাপতি মৃণ্ময় গোহাঁয়ে আঁতধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কেন্দ্ৰীয় কাৰ্যনিবাহকৰ অজয় সিংহ, ডিব্ৰুগড় জিলা সাহিত্য সভা সভাপতি ইন্দ্ৰ গগৈ, সম্পাদক পৰমেশ্বৰ নলবৰীয়া, চাবুৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰশান্ত নেওগ, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি বিপিন দত্ত, চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মৃদুপৱন গগৈ, সম্পাদক প্ৰণৱ জ্যোতি দত্ত, চাবুৱা কবি সন্মিলনৰ সভানেত্ৰী কবিতা বৰপাত্ৰগোঁহাই , সম্পাদক জয়ন্তজিৎ বৰুৱা, কবি দিগন্ত বৰুৱা, হীৰুজ দত্ত, ৰবীন চেতিয়া, বিজু খাউণ্ড, বুলন দিহিঙ্গীয়া, জোন গগৈ চেতিয়া , হিমাদ্রি দোহাই, বাবুল গোহাঁইকে, মামনী ডাঙৰীয়া, কল্পনা খনিকৰ, তুলিকা গগৈ অজিত গগৈ, গন্যমান্য ব্যক্তি উপস্থিত থাকে ।

সভাত বিপিন দত্তই নৱ গঠিত সমিতিখনক চাবুৱা সাহিত্য সভাৰ গতিশীল আৰু বলিষ্ঠ ভাৱে প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায়। বক্তব্যত জিলা সমিতিৰ সভাপতি ইন্দ্ৰ গগৈয়ে বিগত সময়ত চাবুৱা শাখাৰ অধিৱেশনত হোৱা অনাহুত পৰিস্থিতি আৰু অসম সাহিত্য সভাৰ ভূমিকা সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে।

অনাগত সময়ত এই শাখা সাহিত্য সভাই শক্তিশালী ৰূপত যাতে আত্মপ্ৰকাশ কৰে তাৰ বাবে নৱ নিৰ্বাচিত সভাপতি-সম্পাদকক আহ্বান জনায়। এগৰাকী দুষ্ট ব্যক্তিৰ পৰোচনাত্মাক কথা আৰু কায্যৰ বাবে অসম সাহিত্য সভাৰ প্রধান সম্পাদকে চাবুৱা শাখা সাহিত্য সভাৰ নবনির্বাচিত সমিতিক যোৱা তিনি মাহে দায়িত্ব অৰ্পন কাৰ্যত হকাবাধা কৰা কাৰ্যত অস্বস্তি প্রকাশ কৰে।

কেন্দ্রীয় সমিতিৰৰ কাৰ্যনিৰ্বাহ অজয় সিংহই নতুন সমিতিক শপত বাক্য পাঠ কৰায় আৰু সমিতিক অধিক গতিশীল আৰু প্ৰাণৱন্ত কৰিবলৈ আহ্বান জনায়। জিলা সমিতিৰ সম্পাদক পৰমেশ্বৰ নলবাৰীয়াই নতুন সমিতিৰ বিষয়ববীয়াক অভিনন্দন জনাই অনাগত দিন জাতীয় অনুষ্ঠানটোৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত কাম কৰিবলৈ আহ্বান জনায়।

সভাত নৱ নিৰ্বাচিত সভাপতি জগজ্জীবন গগৈ আৰু সম্পাদক অৰুণ বৰপাত্র গোহাঁয়ে বক্তব্য আগবঢ়ায়। উল্লেখ্য যে, যোৱা ৪ ছেপ্টেম্বৰত শাখা সাহিত্য সভাখনৰ ৪৭ সংখ্যক দ্বিবাষির্কী অধিৱেশন অনুষ্ঠিত হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in