কিয় অপসাৰণ কৰা হৈছিল অংকিতা দত্তক ? পৰৱৰ্তী নিৰ্বাচনত কৰিব হেনো সহযোগিতা !

কিয় অপসাৰণ কৰা হৈছিল অংকিতা দত্তক ? পৰৱৰ্তী নিৰ্বাচনত কৰিব হেনো সহযোগিতা !
কিয় অপসাৰণ কৰা হৈছিল অংকিতা দত্তক ? পৰৱৰ্তী নিৰ্বাচনত কৰিব হেনো সহযোগিতা !

ডিজিটেল ডেস্কঃ যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অংকিতা দত্তক অপসাৰণৰ বিষয়টোৱে ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে। তাৰ মাজতে যুৱ কংগ্ৰেছৰ পৰৱৰ্তী নিৰ্বাচনৰ দায়িত্বত থকা বৰ্ধন যাদৱে আজি ৰাজীৱ ভৱনত এক সংবাদ মেল সম্বোধন কৰি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কৈছে, অংকিতা দত্তৰ সহযোগিতাতেই হ'ব আগন্তুক নিৰ্বাচন।

লগতে তেওঁ যুৱ কংগ্ৰেছৰ মাজত কোনো মতভেদ নাই বুলিও উল্লেখ কৰিছে। ইফালে কোনো কাৰণ নোহোৱাকৈ অংকিতা দত্তক অপৰসাৰণ কৰা বিষয়টোত ক্ষুদ্ধ হৈ সংবাদ মাধ্যমৰ আগত নিৰ্বাচনৰ দায়িত্বত থকা বৰ্ধন যাদৱৰ বিৰুদ্ধে অংকিতা দত্তই যি অভিযোগ উত্থাপন কৰিছে, সেই সন্দৰ্ভত তেওঁ কয় যে, অংকিতা দত্তই মোৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰিছে তাৰ বিচাৰ শীৰ্ষ নেতৃত্বই কৰিব।

আনহাতে অংকিতা দত্তক অপসাৰণ কৰাৰ বিষয়ত তেওঁ কয়, পূৰ্বৰ যুৱ কংগ্ৰেছৰ কমিটিখন কোভিডৰ বাবে এবছৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছিল। ২০১৮ চনত গঠিত হোৱা এই কমিটিৰ সময় সীমা ২০২১ তে উকলি গৈছে।

তেওঁ কয়, অংকিতা দত্ত যুৱ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপেহে দায়িত্বত আছে। ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এই সংবাদ মেলতে তেওঁ যুৱ কংগ্ৰেছৰ পৰৱৰ্তী নিৰ্বাচন সন্দৰ্ভতো মন্তব্য কৰিছে। তেওঁ কয়, যুৱ কংগ্ৰেছৰ পৰৱৰ্তী কমিটীৰ নিৰ্বাচন গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অনুষ্ঠিত হ'ব।

সেই অনুসৰি অহা ১৮ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ যুৱ কংগ্ৰেছৰ মনোনয়ন প্ৰক্ৰিয়া চলিব। এই মনোনয়ন প্ৰক্ৰিয়া হ'ব অনলাইন। এই নিৰ্বাচনৰ বাবে অসমক মুঠ ৪ টা জ'নত ভাগ কৰা হৈছে।

আনহাতে অহা ৪ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ যুৱ কংগ্ৰেছৰ সদস্য ভৰ্তি অভিযান চলিব। এই সদস্যভৰ্তি অভিযানৰ পিছতেই ঘোষণা হ'ব নিৰ্বাচনৰ তাৰিখ। নিৰ্বাচনত সদস্যসকলে নিজৰ নিজৰ মোবাইলৰ জৰিয়তেই কৰিব পাৰিব ভোটদান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in