ডিফুৰ একে পৰিয়ালৰ তিনিখন গ্ৰন্থ উন্মোচন...

ডিফুৰ একে পৰিয়ালৰ তিনিখন গ্ৰন্থ উন্মোচন...

ডিজিটেল সংবাদ, ডিফুঃ কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ লুৰুলাংছ'স্থিত ৰাংছিনা ভৱনত শনিবাৰে একে পৰিয়ালৰ পিতৃ - মাতৃ আৰু জীয়েকৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। ডিফু- লৰুলাংচৰস্থিত ৰাংছিনা ভৱনৰ প্ৰেক্ষাগৃহত শনিবাৰে তিনিখন গ্ৰন্থৰ ক্রমে 'চকুলো', এমুঠি ৰ'দ আৰু CRIMSON FROST: Unveiling Shadows নামৰ উপন্যাস উন্মোচন কৰা হয়।

বিশিষ্ট কবি ভৱপ্রসাদ দেউৰীয়ে পৰিচালনা কৰাৰ গ্ৰন্থৰ উন্মোচনীৰ অনুষ্ঠানত তিনিগৰাকী উন্মোচক ভাৰতীয় জীৱন বীমাৰ ডিফু শাখাৰ পৰিচালন সঞ্চালক ৰতন দাস, বিশিষ্ট লেখক পবিত্ৰ বৰা আৰু অসম সাহিত্য সভাৰ ডিফুস্থিত জনজাতীয় গৱেষণা প্ৰতিষ্ঠানৰ বিষয়া সৰনজনা হাচনুয়ে।

উন্মোচক কেইগৰাকীয়ে গ্ৰন্থৰ উন্মোচন কৰি কয় য়ে একে পৰিয়ালৰ পিতৃ মাতৃ আৰু জীয়েকে গ্ৰন্থৰ প্ৰনয়ন কৰি পাঠক হাতত গ্ৰন্থৰ তিনিখন তুলি দিবলৈ সক্ষম হোৱাটো এটা বিৰল দৃষ্টান্ত বুলি মন্তব্য কৰে।ইয়াৰ পূৰ্বে চকুলো কবিতাৰ প্ৰনয়ক বিনয় কুমাৰ মহন্তৰ সভাৰ উদ্দেশ্য আৰু শলাগৰ শৰাই আগবঢ়ায়।

ডিফুৰ একে পৰিয়ালৰ তিনিখন গ্ৰন্থ উন্মোচন...
বালিপৰাত একাদশী কীৰ্তন সংঘৰ গৃহৰ দ্বাৰ উন্মোচন বিধায়ক কৃষ্ণকমল তাঁতীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in