বালিপৰাত একাদশী কীৰ্তন সংঘৰ গৃহৰ দ্বাৰ উন্মোচন বিধায়ক কৃষ্ণকমল তাঁতীৰ

বালিপৰাত একাদশী কীৰ্তন সংঘৰ গৃহৰ দ্বাৰ  উন্মোচন বিধায়ক কৃষ্ণকমল তাঁতীৰ

ডিজিটেল সংবাদ,জামুগুৰিহাট : বালিপৰাৰ ৰঙাজান মিৰি নেপালি চুবুৰীত শনিবাৰে মিচিং স্বায়িত্ব পৰিষদ পুঁজিৰে নিৰ্মিত কীৰ্তন সংঘৰ দ্বাৰ উন্মোচন কৰে বিধায়ক কমলকৃষ্ণ তাঁতীয়ে। ৮লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰি উলিওৱা একাদশী কীৰ্তন সংঘৰ এটি বৃহৎ কীৰ্তন গৃহৰ ৰঙা ফিতা কাটি দ্বাৰ উন্মোচন কৰে ৰঙাপৰা সমষ্টিৰ বিধায়কগৰাকীয়ে।

ইয়াৰ লগতে বিধায়কগৰাকীয়ে চৌহদত একোটাকৈ গছ পুলি ৰোপন কাৰ্য্যসূচীৰো শুভাৰম্ভ কৰে । উল্লেখ্য যে একাদশী কীৰ্ত্তন সংঘৰ গৃহ নিৰ্মাণৰ বাবে অঞ্চলটোৰ মহিলা সমাজকৰ্মী নিৰমায়া বৰালে প্ৰয়াত স্বামী নৰ বাহাদুৰ বৰালৰ সোঁৱৰণত ভূমি দান কৰে।

অনুষ্ঠানটিত ৰৌমাৰী আঞ্চলিক যুৱ সংঘ আৰু ৰৌমাৰী হৰিহৰ পৰিচালনা সমিতিৰ যৌথ উদ্যোগত সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ অভিনন্দন পত্ৰ আৰু ফুলাম গামোচৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনাৰে প্ৰাৰ্থনা জনায় ৷

অনুষ্ঠানটিত ভাস্কৰ উপাধ্যায় নামৰ বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে অঞ্চলটোৰ চাৰি গৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ কৃতি ছাত্ৰ-ছাত্ৰীক দহ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়ায় ৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট অতিথ হিচাপে অংশগ্ৰহণ কৰে MMK কেন্দ্ৰীয় সদস্য পদেশ্বৰ মিলি, বৰ্ষীয়ান সমাজকৰ্মী কমিছন মিলি, কেশৱ উপাধ্যায়, মিচিং জাতীয় মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ৰূপম নৰহ আদিয়ে।

ইয়াৰোপৰি ৰৌমাৰি হৰিহৰ মন্দিৰ কমিটীৰ সভাপতি ৰণ বাহাদুৰ বৰাল,গাঁও প্ৰধান কৃষ্ণ ছেত্ৰী, সন্মিলিত গণশক্তি অসম দলৰ জীয়া ভৰলী খণ্ড শক্তিৰ সভাপতি সম্পাদকে ধৰি অঞ্চলটোৰ বহুকেইগকী গণ্য মাণ্য ব্যক্তিয়ে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে ।

বালিপৰাত একাদশী কীৰ্তন সংঘৰ গৃহৰ দ্বাৰ  উন্মোচন বিধায়ক কৃষ্ণকমল তাঁতীৰ
নীট পৰীক্ষাত উজলিল বঢ়মপুৰৰ মনীষ বৰবৰুৱা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in