মঙলদৈ প্ৰেছ ক্লাবত 'দৰিকণা গোষ্ঠী'ৰ গ্ৰন্থ উন্মোচন...

মঙলদৈ প্ৰেছ ক্লাবত 'দৰিকণা গোষ্ঠী'ৰ গ্ৰন্থ উন্মোচন...

ডিজিটেল সংবাদ, মঙলদৈঃ সাহিত্য সংস্কৃতিৰ মনন শীল অনুষ্ঠান 'দৰিকণা গোষ্ঠী'য়ে মঙলদৈ প্ৰেছ ক্লাবত এখন গ্ৰন্থ উন্মোচনী সভাৰ আযোজন কৰে। 'সময়ৰ সোঁতত সলনি হৈ আহিছে পৰম্পৰা, সলনি হৈ আহিছে বিহুৰ পৰম্পৰা আৰু প্ৰাসংগিকতা, এয়া সময়ৰ আহ্বান।' এই ভাষ্য বিশিষ্ট সাহিত্যিক, সুচিকিৎসক, সমাজসেৱক তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডা: অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ। সাহিত্য সংস্কৃতিৰ মনন শীল অনুষ্ঠান 'দৰিকণা গোষ্ঠী'য়ে মঙলদৈ প্ৰেছ ক্লাবত দেওবাৰে তিনিখন গ্ৰন্থ উন্মোচন কৰে।

দৰিকণা গোষ্ঠীৰ 'বিহুৰ ঐতিহ্য পৰম্পৰা আৰু প্ৰসংগিকতা' নামৰ গ্ৰন্থখন উন্মোচন কৰি দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডা: অমৰেন্দ্ৰ নাৰায়ণ দেৱে গ্ৰন্থখনৰ গুৰুত্ব সম্পৰ্কে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত দৰিকণা গোষ্ঠীৰ তিনিমহীয়া আলোচনী 'দৰিকণা' উন্মোচন কৰে নেমকেয়াৰ গ্ৰুপৰ একাডেমীক ডীন ভাৰ্গৱ জ্যোতি চহৰীয়াই ।

আলোচনীখন উন্মোচন কৰি ভাৰ্গৱ জ্যোতি চহৰীয়াই ৰামায়ণ মহাভাৰতৰ কাহিনীৰে ভাষণ আৰম্ভ কৰি নৱজাগৰণৰ পৰা চিকিৎসা বিজ্ঞানৰ সূত্ৰ বাখ্যা কৰে। তেওঁ মানসিক পৰিপুষ্টিয়ে যে আমাক সুস্থ কৰি ৰাখে আৰু এই মানসিক পৰিপুষ্টি কেৱল মাত্ৰ গ্ৰন্থইহে দিব পাৰে বুলি তত্ত্বগধুৰ ভাষণ আগবঢ়ায়। বিভিন্ন জাতি জনগোষ্ঠীয় বিহু সম্পৰ্কীয় প্ৰশ্নোত্তৰ গ্ৰন্থখন উন্মোচন কৰে মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলাকান্ত বৰাই।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মেজাংকৰি প্ৰকাশৰ সচিব বিনয় চলিহা, মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতি। গ্ৰন্থ উন্মোচনী সভাখন সঞ্চালনা কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শৈলেন্দ্ৰ কুমাৰ ৰাজবংশীয়ে। উপস্থিত থাকে অসম বাৰ্তাজীৱি সংঘৰ সম্পাদক মুকুট ৰাজ শৰ্মা, অসম সাহিত্য সভাৰ সম্পাদক সৎৰাম ডেকা, দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়া প্ৰমুখ্যে মঙলদৈৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

মঙলদৈ প্ৰেছ ক্লাবত 'দৰিকণা গোষ্ঠী'ৰ গ্ৰন্থ উন্মোচন...
বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আন্তৰ্জাতিক ধাত্ৰী দিৱস পালন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in