/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d0c566b2-d8ac-40d7-a8c7-acb385f1d18d/5.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ১৮২০ চনৰ ১২মে তাৰিখত আধুনিক নাৰ্ছিং সেৱাৰ মাৰ্গদৰ্শক ফ্লোৰেন্স নাইটিংগেলৰ জন্ম হৈছিল। তদুপলক্ষে আজিৰ দিনটোত আন্তৰ্জাতিক ধাত্ৰী দিৱস পালনৰ যোগেদি ফ্লোৰেন্স নাইটিংগেলৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে বিশ্বৰ ধাত্ৰীসকলে ৰোগীসকলৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা হয়।
নগাঁও জিলাৰ বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো দিনযোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক ধাত্ৰী দিৱস পালন কৰা হয়। বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া ডা০ গজেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি জেষ্ঠ সাংবাদিক দিব্যজ্যোতি বৰুৱাই আন্তৰ্জাতিক ধাত্ৰী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে।
স্বাস্থ্যকৰ্মী প্ৰসন্ন শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত চিকিৎসক ডা০ লক্ষ্য জ্যোতি বৰা, ডাঃ আনাৰুল চৌধুৰী, ৰুমী কলিতা শৰ্মা, গুণ শইকীয়া, গীতিকা বৰাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।
মিনতি বৰাৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ধাত্ৰীসকলে এখনি চুটি নাটক পৰিৱেশন কৰে। অনুষ্ঠানটিত চাদ্দাম হুছেইন, ৰবী নন্দী, শৰ্মিলা কলিতা, পৰীস্মিতা দাস, হাফচিনা খাতুনকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।
Also Read: পাটাছাৰকুছিত হোমেন বৰগোহাঞিৰ মৃত্যুবাৰ্ষিকী পালন..