/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/6beb8903-b58f-46fa-92fb-e0aaddbccec6/grantha.jpg)
কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত বিভিন্ন প্ৰতিযোগিতা
ডিজিটেল সংবাদ, কয়াকুছিঃ শুকুৰবাৰৰ পৰা কয়াকুছিৰ শংকৰ -আজান সমন্বয় ক্ষেত্ৰত সাদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ৭ম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত শনিবাৰে বিভিন্ন প্ৰতিযোগিতাত অনুষ্ঠিত হয়। ১০ বজাত মৰহুম আব্দুল মালেক সোঁৱৰণী বৰপেটা জিলা ভিত্তিক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/9ebae1e5-17f8-4fed-8b5b-0699745a5955/11a8dea3_30a4_43fd_b4fc_1e79b5b99d1b.jpg)
প্ৰতিযোগিতাত কয়াকুছিৰ জীৱন -জ্যোতি জাতীয় বিদ্যালয়ৰ মাজিদুৰ ৰহমান ,পীযুষ দাস আৰু গীত গুঞ্জন দাসৰ দলে প্ৰথম,বহৰিৰ ডলফিন জাতীয় বিদ্যালয়ৰ ইয়াছিনুল আলম আৰু আশ্ৰাফুল আশ্বিকৰ দলে দ্বিতীয় স্থান আনহাতে হাউলিৰ হলী চাইল্ড ইংলিছ একাডেমীৰ স্বাহৰুখ হাছান, আনিসা আখতাৰ আৰু আৰিফ ভূঞাৰ দলে তৃতীয় স্থান দখল কৰে। জিলা ভিত্তিত কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে প্ৰণৱ কুমাৰ গোস্বামী আৰু ৰাহুল আমিনে।
আনহাতে দুপৰীয়া ১২ বজাত মৰহুম ৰৌশন আলী শিকদাৰ সোঁৱৰণী মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। কুইজ প্ৰতিযোগিতাত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অংশুমান ঠাকুৰীয়া আৰু বিকাশ দাসৰ দলে প্ৰথম, অৰ্ণৱৰাজ দাস,নাদিম মেহদি ৰহমান আৰু ৱাছিম ৱাহিদা খানৰ দলে দ্বিতীয় আৰু নেকিবুল ইছলাম, মজনুল হক আৰু উজ্জ্বল উজীৰৰ দলে তৃতীয় স্থান দখল কৰে।কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ হেমাংগ কুমাৰ কলিতাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/3dd8fe73-0ffe-4213-9a18-2b05e44d76d3/6b9d7f87_d042_4c6c_aa55_e115d5c736e8.jpg)
আবেলি ২ বজাত মৰহুম আলহাজ মহিদুল ইছলাম সোঁৱৰণী থিতাতে লিখা ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৰচনা প্ৰতিযোগিতাত গুৱাহাটীৰ অংশুমণি ভৰদ্বাজে প্ৰথম,আছাম ব্ৰিলিয়ান্ট একাডেমীৰ অৰ্ণৱৰাজ দাসে দ্বিতীয় আৰু নেকিবুল ইছলামে তৃতীয় স্থান দখল কৰে। আবেলি ৪ বজাত প্ৰয়াত হৰেন্দ্ৰ চন্দ্ৰ নাথ সোঁৱৰণী অসমীয়া গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।
আৰু পঢ়কঃ জে বি আইন মহাবিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সংস্থাৰ বৈঠক