বঙালমাৰীৰ ৫নং ৱাৰ্ড শীঘ্ৰে সংৰক্ষণমুক্ত কৰাৰ দাবী ৰাইজৰ

এজনো জনজাতীয় লোক নথকা অঞ্চলটোক সংৰক্ষিত কৰা ঘটনাৰ বিৰোধিতা কৰিছে ৰাইজে। লগতে নিৰ্বাচনী আয়োগ তথা চৰকাৰক এই সন্দৰ্ভত শীঘ্ৰে ব্যৱস্থা লোৱাৰ দাবী জনাইছে ৷

author-image
Asomiya Pratidin
New Update
wwwwwwwwww

ডিজিটেল সংবাদ,ধেমাজিঃ  এগৰাকীও জনজাতীয় লোক নথকা এটা ৱাৰ্ডক জনজাতি লোকৰ বাবে সংৰক্ষিত কৰাক লৈ জাঙুৰ খাই উঠিছে ধেমাজিৰ বঙালমাৰী আহোম গাঁৱৰ ৰাইজ। এই ঘটনা সংঘটিত হৈছে ধেমাজি জিলাৰ চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ ধেমাজি গাঁও পঞ্চায়তৰ বঙালমাৰী আহোম গাঁৱৰ ৫ নং ৱাৰ্ডত।

Advertisment

জিলা প্ৰশাসনৰ সম্পূৰ্ণ অৱহেলাৰ ফলতেই এতিয়া বিপাঙত পৰিছে গাঁওবাসী। এজনো জনজাতীয় লোক নথকা অঞ্চলটোক সংৰক্ষিত কৰা ঘটনাৰ বিৰোধিতা কৰিছে ৰাইজে। লগতে নিৰ্বাচনী আয়োগ তথা চৰকাৰক এই সন্দৰ্ভত শীঘ্ৰে ব্যৱস্থা লোৱাৰ দাবী জনাইছে ৷

দেওবাৰে গাঁওবাসী একত্ৰিত হৈ জিলা প্ৰশাসন আৰু চৰকাৰৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাৱস্ত কৰে ৷ আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত লোৱা লগতে আইনৰ কাষ চাপিবলৈ বাধ্য হ'ম বুলিও হুংকাৰ দিয়ে ৰাইজে।

চিচিবৰগাঁও