চেলিব্ৰেটী নোহোৱাৰ দুখঃ ৫০ খন চিনেমাৰ নায়কে মুখ্যমন্ত্ৰীৰ নাতিনীৰে পাতিলে বিয়া..

চেলিব্ৰেটী নোহোৱাৰ দুখঃ ৫০ খন চিনেমাৰ নায়কে মুখ্যমন্ত্ৰীৰ নাতিনীৰে পাতিলে বিয়া..

author-image
Asomiya Pratidin
New Update
চেলিব্ৰেটী নোহোৱাৰ দুখঃ ৫০ খন চিনেমাৰ নায়কে মুখ্যমন্ত্ৰীৰ নাতিনীৰে পাতিলে বিয়া..

ডিজিটেল ডেস্কঃ বলিউদত এনে বহু অভিনেতা আছে যিসকলে এটা সময়ত বহু ছবিত অভিনয় কৰিও হিন্দী ছবিজগতখনত ভালদৰে খোপনি পুতিব নোৱাৰিলে। তাৰ ভিতৰত এগৰাকী অন্যতম অভিনেতা হৈছে শৰদ কাপুৰ।

Advertisment

১৯৯৬চনত মহেশ ভট্টৰ ছবি দস্তকৰ জৰিয়তে বলিউদত খোজ পেলোৱা এইগৰাকী অভিনেতা হঠাতে অন্তৰ্ধান হৈছিল। যথেষ্ট কষ্টৰ জৰিয়তে বলিউদত নিজৰ এটা সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হোৱা শৰদ কাপুৰ ১৯৯৩চনত মুম্বাইলৈ আহি ৬টা মাহ মুম্বাইৰ ফুটপাথতে দিন কটাইছিল।

এখন হিন্দী ছিৰিয়েলৰ জৰিয়তে ৰূপালী পৰ্দাত খোজ পেলোৱা অভিনেতাগৰাকীয়ে ৪৩ৰো অধিক হিন্দী ছবিত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। চলমান খান, শ্বাহৰুখ খান আৰু ঋতিক ৰোচনৰ দৰে অভিনেতাৰ সৈতে দুৰ্দান্ত অভিনয় কৰা এই গৰাকী অভিনেতা এতিয়া ব্যস্ত ব্যৱসায়ত।

মুম্বাই আৰু বাংগালুৰুত দুখন বিলাসী ৰেষ্টুৰাৰ মালিক শাৰদ কাপুৰ। শাৰদ কাপুৰে পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জ্যোতি বসুৰ নাতিনীক বিয়া কৰোৱাইছিল। শেহতীয়াকৈ কেইবাখনো ছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰা দেখা গৈছে শাৰদ কাপুৰক।

Also Read: ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনঃ ১১বজালৈকে পশ্চিম বংগত সৰ্বাধিক ভোটদান আৰু ওড়িশাত নাই ভোটাৰৰ উছাহ...

bollywood actor sarad kapoor