ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনঃ ১১বজালৈকে পশ্চিম বংগত সৰ্বাধিক ভোটদান আৰু ওড়িশাত নাই ভোটাৰৰ উছাহ...

ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনঃ ১১বজালৈকে পশ্চিম বংগত সৰ্বাধিক ভোটদান আৰু ওড়িশাত নাই ভোটাৰৰ উছাহ...

ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ বৰ্তমানলৈ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ আছে। ৬খন ৰাজ্য আৰু দুই কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৮টা সমষ্টিত ১১বজালৈকে ভোটদানৰ হাৰ হৈছে ২৫.৭৬শতাংশ।

পুৱা ১১বজালৈকে পশ্চিম বংগত ভোটদাৰ হাৰ সৰ্বাধিক। ৩৬.৮৮শতাংশ ভোটদান সাব্যস্ত হৈছে পশ্চিম বংগত। ১১বজালৈকে সৰ্বনিম্ন ভোটাধিকাৰ সাব্যস্ত হৈছে ওড়িশাত। ৰাজ্যখনত দিনৰ ১১বজালৈকে ২১.৩০শতাংশ ভোটদান সাব্যস্ত হৈছে।

পুৱা ১১বজালৈকে ৬ৰাজ্য আৰু দুই কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটদানৰ হাৰ এনেধৰণৰ-

  • বিহাৰ- ২৩.৬৭শতাংশ

  • হাৰিয়ানা- ২২.০৯শতাংশ

  • জম্মু-কাশ্মীৰ- ২৩.১১শতাংশ

  • ঝাৰখণ্ড- ২৭.৮০শতাংশ

  • এন চি টি দিল্লী-  ২১.৬৯শতাংশ

  • ওড়িশা- ২১.৩০শতাংশ

  • উত্তৰ প্ৰদেশ- ২৭.০৬শতাংশ

  • পশ্চিম বংগ- ৩৬.৮৮শতাংশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in