/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/6b434246-e8e8-49bd-8174-501110b1bda0/bolero_20.jpg)
গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীৰ নাকৰ তলেৰে চোৰে লৈ গ'ল বলেৰ'...
ডিজিটেল ডেস্কঃ জীৱন, জীৱিকা, সম্পত্তি একোৰে সুৰক্ষা নোহাৱা হৈছে গুৱাহাটী মহানগৰীত। ধাৰাবাহিক হত্যা, হিংসা, চুৰি আদিৰ ঘটনাই সংবাদ শিৰোনাম দখল কৰি অহাৰ লগতে গুৱাহাটীৰ সুৰক্ষাৰ দিশটোকলৈ আৰক্ষী, প্ৰশাসনৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।
এনে পৰিস্থিতিৰ মাজতেই পুনৰ গুৱাহাটীৰ মাজমজিয়াৰ পৰা চোৰে লৈ গ'ল এখন বলেৰ' বাহন। গুৱাহাটীৰ ছুপাৰ মাৰ্কেটস্থিত উৰণীয়া সেঁতুৰ তলৰ পৰা বলেৰ' বাহনখন লৈ যোৱাৰ খবৰ পোৱা গৈছে।
চোৰে লৈ যোৱা এই বাহনখনৰ নম্বৰ AS17 H 8622। সমগ্ৰ ঘটনা সন্দৰ্ভত বাহনখনৰ গৰাকী ৰাজিবুল হকে দিছপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।
ধাৰাবাহিক ভাৱে গুৱাহাটীত এইদৰে দিনৰ পোহৰতেই চোৰ, ডকাইত আদিৰ দৰে ঘটনা মুকলিকৈ সংঘটিত হৈ অহাৰ পিছতো কিয় আৰক্ষীয়ে কঠোৰ পদক্ষেপ ল'ব পৰা নাই, কিয় সুৰক্ষা দিব পৰা নাই তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। স্মাৰ্ট আৰক্ষীক আৰু অধিক আধুনিকীকৰণৰ নামত প্ৰকৃততে কি কৰিছে সেই লৈও প্ৰশ্ন উত্থাপন হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/77a057e5-3a5f-4e7a-9e86-ba12cdcfcdd7/bolero_2.jpeg)
ক্লিক কৰি পঢ়কঃ উমানন্দলৈ নাযাব ! লুইত সাঁতুৰি ক্ষুদ্ৰ নদীদ্বীপটোত আশ্ৰয় লৈছে বাঘে...