উমানন্দলৈ নাযাব ! লুইত সাঁতুৰি ক্ষুদ্ৰ নদীদ্বীপটোত আশ্ৰয় লৈছে বাঘে...

উমানন্দলৈ নাযাব ! লুইত সাঁতুৰি ক্ষুদ্ৰ নদীদ্বীপটোত আশ্ৰয় লৈছে বাঘে...

author-image
Asomiya Pratidin
New Update
উমানন্দলৈ নাযাব ! লুইত সাঁতুৰি ক্ষুদ্ৰ নদীদ্বীপটোত আশ্ৰয় লৈছে বাঘে...

উমানন্দলৈ নাযাব ! লুইত সাঁতুৰি ক্ষুদ্ৰ নদীদ্বীপটোত আশ্ৰয় লৈছে বাঘে...

ডিজিটেল ডেস্কঃ উমানন্দ মন্দিৰত আতংক। যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে অঘটন। কোন সময়ত মন্দিৰৰ দৰ্শনাৰ্থী, দোকানী অথবা আন লোক বাঘৰ আক্ৰমণৰ সন্মুখীন হয় তাৰ কোনো নিশ্চয়তা নাই। কিয়নো উমানন্দত অৱস্থান কৰিছে এটা পূৰ্ণবয়স্ক নাহৰফুটুকীয়ে।

Advertisment

নদীদ্বীপ উমানন্দলৈ ব্ৰহ্মপুত্ৰ সাঁতুৰি গৈছে এটা পূৰ্ণ বয়স্ক নাহৰফুটুকী। নাহৰফুটুকীটো ব্ৰহ্মপুত্ৰত সাঁতুৰি থকা প্ৰত্যক্ষ কৰিছিল একাংশ লোকে। ইয়াৰ পিছতে বাঘটোৱে নদীৰ পৰা উঠি উমানন্দ পাহাৰত অৱস্থান কৰিছে।

যাৰ বাবে উমানন্দ দৰ্শনৰ বাবে যোৱা লোকসকলক সতৰ্ক কৰি দিয়াৰ লগতে তাত থকা দোকান-পোহাৰ বন্ধ কৰি দিয়া হৈছে। একেদৰে উমানন্দলৈ নতুনকৈ দৰ্শনাৰ্থী যোৱাৰ ক্ষেত্ৰতো বাধা প্ৰদান কৰা হৈছে। বন্ধ কৰি দিয়া হৈছে ফেৰী সেৱা।

ইফালে উমানন্দত বাঘৰ অৱস্থানৰ খবৰ পোৱাৰ লগে লগে বন বিভাগৰ লোক গৈ তাত উপস্থিত হৈছে। বৰ্তমান উমানন্দৰ গুহাট নাহৰফুটুকীটো সোমাই থকাৰ সন্দেহ কৰা হৈছে।

ক্লিক কৰি পঢ়কঃ বিধায়ক পুঁজি মোকলাই নিদিয়াত বিপদত বিৰোধী বিধায়ক...

উমানন্দ