পদ্ম দাসলৈ বকুল বন বঁটা

পদ্ম দাসলৈ বকুল বন বঁটা

ডিজিটেল ডেস্কঃ বনগীতৰ সাধক পদ্ম দাসলৈ বকুল বন বঁটা। ডিব্ৰুগড়ৰ শিল্পীগৰাকীলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ বকুল বন বঁটা। শিল্পী দাসে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰযোগে ১৯৭৪ চনৰ পৰাই নিয়মিতভাৱে বনগীত পৰিবেশন কৰি আহিছে।

তাৰোপৰি শিল্পীগৰাকীয়ে নিজে গীত গোৱাৰ লগতে ভালেমান আগ্ৰহী লোকক প্ৰদান কৰিছে বনগীতৰ শিক্ষা। তেওঁৰ জন্ম হৈছিল ১৯৩৯ চনত। পিতৃ-মাতৃৰ নাম সুৰেণ দাস আৰু পূৰ্ণিমালা দাস।

উল্লেখযোগ্য যে, দাসে নানান অসুবিধাৰ বাবে আনুষ্ঠানিক শিক্ষাৰে আগবঢ়িব নোৱাৰি জীৱিকাৰ বাবে এটা গেৰেজ খুলি পৰিয়ালৰ অভাৱ দূৰ কৰিবলগীয়া হৈছিল। বনগীতৰ ওজা হিচাপে পৰিচিত পদ্ম দাস ভাৰতীয় গণ নাট্য সংঘৰো এজন একনিষ্ঠ সেৱক।

এক বিবৃতিযোগে বকুল বন ন্যাসে প্ৰকাশ কৰে যে, অহা ২৭ জানুৱাৰীত এই বঁটাটি শিল্পীগৰাকীক প্ৰদান কৰা হ'ব। বঁটাটিত আছে সম্বৰ্ধনা পত্ৰ,অংগ বস্ত্ৰ আৰু নগদ ধনৰ মাননি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in