শ্ৰমিকৰ ভূমিত গ্ৰেণ্ড হায়াত হোটেল প্ৰকল্পৰ বিৰোধিতা বোকাখাতত...

সোমবাৰে বোকাখাতৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমুখত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰে কাজিৰঙাৰ ৰঙাজান-হাতীখুলি চাহবাগিচাৰ শ্ৰমিক সকলে।

author-image
Asomiya Pratidin
New Update
শ্ৰমিকৰ ভূমিত গ্ৰেণ্ড হায়াত হোটেল প্ৰকল্পৰ বিৰোধিতা বোকাখাতত...

ডিজিটেল সংবাদ, বোকাখাত: সোমবাৰে বোকাখাতৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমুখত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰে কাজিৰঙাৰ ৰঙাজান-হাতীখুলি চাহবাগিচাৰ শ্ৰমিক সকলে।

Advertisment

প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি কাজিৰঙাৰ কঁহৰাত চৰকাৰে নিৰ্মান কৰিবলৈ লোৱা পঞ্চতাৰকা গ্ৰেণ্ড হায়াত হোটেল নিৰ্মানৰ বাবে যি ভূমি অধিগ্ৰহনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে সেই ভূমি চাহ বাগিছাৰ শ্ৰমিকৰ বাবে আবণ্টিত ভূমি। গতিকে সেই ভূমিত হোটেল নিৰ্মাণ কৰিবলৈ লৈ আচলতে চৰকাৰে সেই সকল শ্ৰমিকৰ ভূমি কাঢ়ি ল'ব খুজিছে।

উল্লেখযোগ্য যে কঁহৰাৰ ইনলে পথাৰৰ ভূমি অধিগ্ৰহনৰ প্ৰক্ৰিয়া ইতিমধ্যে প্ৰশাসনে আৰম্ভ কৰিছে। সোমবাৰে প্ৰতিবাদকাৰী সকলে এই ক্ষেত্ৰত বন বিভাগ আৰু অসম চৰকাৰলৈ বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ যোগেদি এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ।

ইফালে চাহ শ্ৰমিকৰ ভূমি অধিগ্ৰহন সম্পৰ্কত কৃষক-শ্ৰমিক নেতা প্ৰণব দলেয়ে কয়-"কাজিৰঙাত এখন পঞ্চতাৰকা হোটেল হ'ব- কেবিনেটৰ এই সিদ্ধান্তক আমি আদৰণি জনাইছিলো, কিন্তু ইয়াৰ বাবে যে চাহ শ্ৰমিকৰ মাটি কাঢ়ি লোৱা হ'ব আমি জনা নাছিলো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতিয়াৰ পৰা গ্ৰেণ্ড হায়াটৰ দৰে প্ৰাইভেট কোম্পানিৰ দালালি কৰিবলৈ ল'লে সেই প্ৰশ্ন আমি কৰিছোঁ"।

লগতে বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাক তীব্ৰ সমালোচনা কৰি তেওঁ কয়- "অতুল বৰা বৰ্তমান নিদ্ৰামগ্ন অৱস্থাত আছে"।

আৰু পঢ়ক: গাহৰি নাখাব! ঢকুৱাখনাত প্ৰশাসনৰ বাধা...

assam protest bokakhat