গ্ৰামোন্নয়ণৰ নমুনাঃ বোকাখাটত এটি কালভাৰ্টৰ বাবে বিদ্যালয়ৰ পৰা বঞ্চিত শিক্ষাৰ্থী

গ্ৰামোন্নয়ণৰ নমুনাঃ বোকাখাটত এটি কালভাৰ্টৰ বাবে বিদ্যালয়ৰ পৰা বঞ্চিত শিক্ষাৰ্থী

author-image
Asomiya Pratidin
New Update
গ্ৰামোন্নয়ণৰ নমুনাঃ বোকাখাটত এটি কালভাৰ্টৰ বাবে বিদ্যালয়ৰ পৰা বঞ্চিত শিক্ষাৰ্থী

ডিজিটেল সংবাদ,বোকাখাতঃ বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই সমষ্টিটোৰ গ্ৰাম্য উন্নয়ণৰ ঢাক ঢোল যিমানেই নবজাওক কিয় সমষ্টিটোৰ কিছু গ্ৰাম্য অঞ্চলত প্ৰৱেশ কৰিলেই ইয়াৰ ফোপোলা স্বৰূপ ওলাই পৰে।

Advertisment

সমষ্টিটোৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত নেপালীখুটিৰ ১০নং ৱাৰ্ডৰ এটি বিধ্বস্ত পথে দীৰ্ঘদিনৰ পৰা ৱাৰ্ডটোৰ বাসিন্দাসকলক জ্বলাকলা খুৱাই আছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এই সংক্ৰান্তত বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বহুবাৰ আবেদন কৰা হৈছে যদিও কাণষাৰ কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই।

ভুক্তভোগী ৰাইজে প্ৰতিবেদকক জানিবলৈ দিয়া মতে আনকি বিধায়ক অতুল বৰাৰ বোকাখাতস্থিত বাসগৃহত স্থানীয় ৰাইজ উপস্থিত হৈ পথটো মেৰামতি আৰু পুনৰ নিৰ্মানৰ বাবে আবেদন কৰিছিল যদিও বৰ্তমানলৈকে গুৰুত্ব নিদিলে বিধায়ক গৰাকীয়ে।

উল্লেখযোগ্য যে অতি ঠেক পথটোৰ মাজত এটি পাহাৰীয়া জুৰিৰ ওপৰত স্থাপিত এটি ভগ্নপ্ৰায় কালভাৰ্টৰ বাবেও বিপদসংকুল যাতায়ত কৰিব লগীয়া হৈছে ৱাৰ্ডটোৰ ৰাইজে। বিশেষকৈ এজাক বৰষুণতে উক্ত জুৰিটো অতি খৰশ্ৰোতা হৈ পৰে বাবেই বিদ্যালয়লৈ যোৱাৰ পৰা বঞ্চিত হৈ পৰে কণকণ শিশুসকল।

যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত বিদ্যালয়লৈ কণ কণ শিশুসকলক পঠিয়াবলৈ ইচ্ছুক নহয় অভিভাৱকসকল।

ইফালে উক্ত পথটো কুৰুৱাবাহী আৰু ৰজাবাৰী গাঁও পঞ্চায়তৰ মধ্যস্থলত অৱস্থিত হোৱাৰ অজুহাতত দুয়োখন পঞ্চায়ত কৰ্তৃপক্ষয়ো পথটোৰ মেৰামতি আৰু পুনৰ নিৰ্মাণত হেমাহি কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Also Read: নীতিশ কুমাৰৰ অনুপস্থিতিত মুকেশ সাহনীৰ ফেচবুক লাইভঃ বিহাৰৰ ৰাজনীতিত হৈ-চৈ

bokakhat