
বোকাজানৰ খটখটিত ৪ কুইণ্টল গাঞ্জা জব্দ।
খটখটি আৰক্ষী আৰু C20 CRPF বেটেলিয়নৰ বিশেষ নাকা তালাচীত জব্দ গাঞ্জাখিনি।
ডিমাপুৰৰ পৰা অহা UP 14AT 7851 নম্বৰৰ এখন ট্ৰাকত আনিছিল এই গাঞ্জা।
ট্ৰাকখনত অতি কৌশলেৰে গোপন চেম্বাৰ বনাই সৰবৰাহৰ চেষ্টা কৰিছিল দুই সৰবৰাহকাৰীয়ে।
ডিমাপুৰৰ পৰা বিহাৰলৈ নিছিল এই গাঞ্জাখিনি।
ইতিমধ্যে আৰক্ষীয়ে ৰামায়ণ যাদৱ আৰু ভোলা যাদৱ নামৰ দুই সৰবৰাহকাৰীক আটক কৰিছে।
ধৃত দুয়োৰে ঘৰ বিহাৰৰ বুলি জানিবলৈ দিছে আৰক্ষীয়ে।
ক্লিক কৰি পঢ়কঃ ৰাজপথত বোকা পৰি থকাই হ'ল কাল ! দুৰ্ঘটনাত ১ জন নিহত, ১০ জন আহত...