ৰঙিয়াত 'ৰূপহী ৰঙিয়া'ৰ ব'হাগী উৎসৱ উদযাপন...

ৰঙিয়াত 'ৰূপহী ৰঙিয়া'ৰ ব'হাগী উৎসৱ উদযাপন...

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত 'ৰূপহী ৰঙিয়া'ৰ ব'হাগী উৎসৱ উদযাপন...

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াত সাংস্কৃতিক স্বেচ্ছাসেৱী সংগঠন ৰূপহী ৰঙিয়াৰ উদ্যোগত দেওবাৰে ব'হাগী উৎসৱ উদযাপন কৰা হয়। স্থানীয় গৰকা গাঁৱত তদুপলক্ষে আয়োজিত কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি নাজিৰ আহমেদে। তাৰপিছত স্মৃতি তৰ্পণ কৰা হয় আৰু লীলাধৰ শালৈ, অৰ্ণৱ ভৰালী প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যাক্তিৰ দ্বাৰা গছপুলি ৰোপণ কৰা হয়।

অনুষ্ঠান উপলক্ষে বিভিন্ন প্ৰতিযোগিতা মূলক তথা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে গজেন্দ্ৰ ভৰালীয়ে। একেটা অনুষ্ঠানতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাৰদৰ্শিতা দেখুওৱা একাংশ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা হয় ৷

Also Read: নগাঁৱত মুকলি মিচিং সাজপাৰৰ বিপনী 'আয়াং'...

rangia