/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/2d5ba7ee-4aa5-4501-bb15-abb102095c84/8.jpg)
ডিজিটেল সংবাদ, বেবেজীযাঃ মিচিং জনগোষ্ঠীৰ সাজপাৰৰ এখন বিপনী সোমবাৰে নগাঁও চহৰৰ সমীপৰ শেনছোৱাত মুকলি কৰা হয়। মিচিং লোকসকলৰ সাজপাৰক অধিক জনমুখী কৰাৰ প্ৰয়াসৰে এই বিপনিখন মুকলি কৰা হৈছে। এই বিপনিখনত মিচিং জনগোষ্ঠীৰ সাজ -পুৰুষ ,মহিলা সকলোৰে বাবে উপলব্ধ হ'ব বুলি জানিব পৰা গৈছে।
তদুপৰি মুগা কাপোৰৰ সাজপাৰ ইয়াত উপলব্ধ হ'ব। আজি বিপনিখন আনুষ্ঠানিকভাবৱে নিয়মৰ মাজেৰে মুকলি কৰে নগাঁও সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কে.ঈশান সিঙে। হৰেন দলে আৰু ৰচিদা পাটৰি দলেই এই বিপনিখন আৰম্ভ কৰিছে।
তেওঁলোকে জনোৱা মতে উজনি অসমত মিচিং জনগোষ্ঠীৰ সাজপাৰৰ চাহিদা বেছি। নগাঁৱত ইয়াৰ চাহিদা কম। সেই বাবেই নগাঁৱত এই বিপনিখন আৰম্ভ কৰা হৈছে।নগাঁৱৰ থলুৱা শিপিনীক প্ৰাধান্য দি নিজ হাতে বোৱা সাজপাৰ ইয়াত বিক্ৰী কৰা হব বুলি তেওঁলোকে জানিবলৈ দিয়ে। ইতিমধ্যে তেওঁলোকে সাতখন তাঁতৰ শাল স্থাপন কৰি কাপোৰ বোৱাৰ কাম আৰম্ভ কৰিছে।
Also Read: অসম ডাউন টাউন বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ অত্যাধুনিক আই টি দক্ষতা বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ...