বিহু গীতেৰে মুখৰিত ৰঙাপৰা মহাবিদ্যালয়ৰ বাকৰি..

বিহু গীতেৰে মুখৰিত ৰঙাপৰা মহাবিদ্যালয়ৰ বাকৰি..

author-image
Asomiya Pratidin
New Update
বিহু গীতেৰে মুখৰিত ৰঙাপৰা মহাবিদ্যালয়ৰ বাকৰি..

ডিজিটেল সংবাদ,ৰঙাপৰাঃ ঢোল,তাল,পেপা,গগণা,মাদল,চিফুঙৰ শব্দ আৰু বিহু,ঝুমুৰ,বড়ো গীতেৰে মুখৰিত হৈ পৰিল ৰঙাপৰা মহাবিদ্যালয়ৰ চৌহদ। অনুষ্ঠানটিত পৰম্পৰাগত গীত-নৃত্য সমূহ পৰিবেশন কৰা হয়। প্ৰতি বছৰৰ দৰে এইবেলিও শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ একমাত্র উচ্চ শিক্ষানুষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ৰ বাকৰিত 'ব'হাগৰ দুপৰীয়া' শীৰ্ষক এক দৃষ্টিনন্দন অনুষ্ঠান ৰূপায়িত হয়।

Advertisment

ৰঙাপৰা মহাবিদ্যালয় আৰু বালিপৰা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্র-ছাত্ৰীসকলে তৃতীয় বৰ্ষ ব'হাগৰ দুপৰীয়া কাৰ্যসূচীটো অতি উলহ-মালহেৰে অনুষ্ঠিত কৰে। ৰঙাপৰা মহাবিদ্যালয়ৰ শিক্ষকসকলে পৰিৱেশন কৰা বিহু নৃত্যৰে অনুষ্ঠানটি শুভাৰম্ভ হয়। অনুষ্ঠানটিত ৰঙাপৰা মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে বাগৰুম্বা আৰু ঝুমুৰ নৃত্য পৰিৱেশন কৰে।

ইফালে ৰঙাপৰা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ব'হাগৰ দুপৰীয়া অনুষ্ঠানটিলৈ আমন্ত্ৰণ কৰা শিৱসাগৰ জিলাৰ জাঁজীপৰীয়া বিহুৱা দলটোৱে হুঁচৰি আৰু বিহু নৃত্য পৰিৱেশন কৰে। বিহু দলটোৱে পৰিৱেশন কৰা বিহু নৃত্যই মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, ছাত্র-ছাত্ৰী আৰু আমন্ত্ৰণিত অতিথিসকলক আপ্লুত কৰে।

Also Read: কাৰাগাৰৰ পৰা বাহিৰ হৈয়ে মন সলনি হ'ল 'চন অফ বিহাৰ'ৰ ! বিজেপিত যোগদান কৰিলে মনিষ কাশ্যপে...

rongali bihu Bohag Bihu Rongapara collage Rongapara collage news