/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/65273835-970d-4f83-a359-58998996f368/bodofa1.jpg)
সাইনাথলৈ ১৯ সংখ্যক বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ লৰেঞ্জো নাটাল বঁটা প্ৰাপক প্ৰথম ভাৰতীয় সাংবাদিক, ৰমন মেগছেছে বঁটা বিজয়ী পালাগুমি সাইনাথলৈ ১৯ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা।
উপেন্দ্ৰ নাথ ব্ৰহ্ম ন্যাস চমুকৈ ইউ এন বি টিয়ে প্ৰতি বছৰে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা প্ৰদান কৰি আহিছে। উল্লেখ্য যে, সমাজৰ অৱহেলিত, শোষিত,লাঞ্চিত,বঞ্চিত আৰু নিস্পেষিত জনসাধাৰণৰ ন্যায়,অধিকাৰৰ লগতে সাংস্কৃতিক,শৈক্ষিক আদি বিভিন্ন ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই অহা বিশেষ ব্যক্তিক প্ৰতিবছৰে প্ৰদান কৰা হয় এই বঁটা ।
কোকৰাঝাৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে সাইনাথলৈ ১৯ সংখ্যক বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/00eeb242-0c0f-4936-8bcc-3479e2660c0c/bodofa.jpg)
অনুষ্ঠানত উপস্থিত থাকে বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো,কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু এবছুৰ সভাপতি দ্বীপেন বড়ো আৰু ন্যাসৰ অধ্যক্ষ ড° সুবুং বসুমতাৰী ৷ বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটাৰে বিভূষিত বিশিষ্ট সাংবাদিক পালাগুমি সাইনাথক প্ৰশস্তিপত্ৰ, এড়ী কোট- চাদৰ ,বড়োফাৰ প্ৰতীকি আৰু ১ লাখ টকাৰ চেক প্ৰদান কৰে ন্যাসে ৷
বঁটা গ্ৰহণ কৰি প্ৰসিদ্ধ সাংবাদিক পালাগুমি সাইনাথে বড়ো জনগোষ্ঠীৰ সন্মানীয় বঁটাকলৈ গৌৰৱ অনুভৱ কৰি মত ব্যক্ত কৰে ।
উল্লেখ্য যে, তেওঁৰ The People's Archive of Rural India (PARI) নামৰ বহুভাষিক ডিজিটেল সাংবাদিকতাৰ ৱেবছাইটত বড়ো ভাষাক অন্তৰ্ভুক্তি ঘোষণা কৰে ৷ ইতিমধ্যে বেৱছাইটত অসমীয়াকে ধৰি দেশৰ ১৪ টা ভাষা সংযোজন হৈ আছে ৷
ইউ এন বি টি ন্যাসে প্ৰতিবছৰে বিভিন্ন দিশ তথা সমাজ জীৱনত অনবদ্য অৱদান আগবঢ়াই অহা বিশেষ লোকক বাছনি কৰি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানবতাৰ সৈনিক বটা প্ৰদাণ কৰি আহিছে ৷ বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিশিষ্ট সাংবাদিক ড° সমুদ্ৰ গুপ্ত কাশ্যপ উপস্থিত থকাৰ লগতে মঞ্চত নিদিষ্ট বক্তা হিচাপে বড়ো সাহিত্য সভাৰ সভাৰ সভাপতি তৰেন বড়ো ,আমন্ত্ৰিত অতিথি হিচাপে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, এবছুৰ সভাপতি দ্বীপেন বড়ো ,বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী,কাৰ্যবাহী সদস্য নিলুট স্বৰ্গীয়াৰী আৰু শিক্ষাবিদ সুৰত নাৰ্জাৰীকে ধৰি বহু নেতা উপস্থিত থাকে ৷
প্ৰকাশ যে,চেন্নাইত ১৯৫৭ চনত জন্মগ্ৰহণ কৰা সাংবাদিক পালাগুমি সাইনাথ ইউৰোপিয়ান কমিছনৰ পৰা ১৯৯৫ চনত লৰেঞ্জো নাটাল বঁটা প্ৰাপক প্ৰথমজন ভাৰতীয় সাংবাদিক তথা আৰু ২০০৭ চনত ৰমন মেগছেছে বঁটাৰ লগতে বহুতো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত হৈছিল ৷
আৰু পঢ়কঃ পুনৰ ফুটবলৰ দেশলৈ ঘূৰি যাব বিশ্ব চেম্পিয়নৰ খিতাপ ! কাটাৰত লিপিবদ্ধ হ'ব নতুন ইতিহাস...