/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/72beff60-b7a7-4bd0-ac02-315e82819958/3.jpg)
ডিজিটেল সংবাদ, বাক্সাঃ বৰমা প্ৰাথমিক বড়ো সাহিত্য সভা আৰু বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ২০২৪চনত বড়ো মাধ্যমৰ পৰা প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ আৰু আৰণাইৰে সম্বৰ্দ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/a0f4b1b1-3c4b-4267-a7e6-2c7756122552/0b0f57e5-e401-4f3c-8dfa-c892b5d48416.jpg)
বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাই বৰমা আঞ্চলিকৰ অন্তৰ্গত ২০২৪ চনত বড়ো মাধ্যমৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ১০ জন কৃতী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ, আৰণাই আৰু কিতাপৰ তোপোলাৰে সম্বৰ্দ্ধনা জনায়। বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি অনসুমা বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্দ্ধনা সভাখন উন্মোচন কৰে মুছলপুৰ মহাবিদ্যালয়ৰ অধ্যাপক প্ৰাঞ্জল ব্ৰহ্মই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/068240e6-00c1-45f9-a95c-398462cba054/3dcfd34d-2b71-4594-935a-539323124829.jpg)
বৃহস্পতিবাৰে পুৱা বন্তি প্ৰজ্বালন কৰে বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি উমেশ চন্দ্ৰ বড়োই৷ বৰমা ছোৱালী হাইস্কুলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী৷ সম্বৰ্দ্ধনা জনোৱা ছাত্ৰ-ছাত্ৰীয়ে অনাগত দিনত সমাজত একো একোজন ভাল ব্যক্তি হব বুলি খনিন্দ্ৰ বসুমতাৰীয়ে মন্তব্য প্ৰকাশ কৰে ৷
সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকে বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰী, বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামছিয়াৰী, বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চুবেনজিৎ ৰামছিয়াৰী, বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গদাধৰ বড়ো, বাগসা জিলা বড়ো সাহিত্য সভাৰ সহকাৰী সম্পাদক দুলাল স্বৰ্গীয়াৰী, কোষাধ্যক্ষ কুল'ৰাম ব্ৰহ্ম, বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি উমেশ বসুমতাৰী, বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক খ্ৰৌমসাৰ বসুমতাৰীৰ লগতে বহু শিক্ষক সকলে অংশগ্ৰহণ কৰে ।
বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সম্পাদক গণপতি স্বোৰাং বড়ো আৰু বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহন্ত বড়োই আতধৰা সভাত অঞ্চলৰ বহু শতাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলে উপস্থিত থাকে ।
Also Read: বাক্সাৰ মুছলপুৰত বিশ্ব ধঁপাত বিৰোধী দিৱস...