/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/28f61f2b-c8d3-4de5-8a7a-60335a731489/2.jpg)
ডিজিটেল সংবাদ, বাক্সাঃ শুকুৰবাৰে বিশ্ব ধঁপাত বিৰোধী দিৱসটো বাক্সাৰ মুছলপুৰতো পালন কৰা হয় । উক্ত দিৱসৰ সৈতে সংগতি ৰাখি উলিওৱা হয় ধঁপাত বিৰোধী সজাগতা সমদল ।
ধঁপাত সেৱনৰ লগত জড়িত স্বাস্থ্যজনিত বিপদ সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ লগতে ইয়াৰ সেৱন হ্ৰাস কৰাৰ বাবে সুদৃঢ় নীতিৰ পোষকতা কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰে বিশ্ব ধপাঁত বিৰোধী দিৱস। বাক্সা জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত জিলা সদৰ মুছলপুৰত অনুষ্ঠিত বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে সজাগতা সমদল উলিওৱাৰ লগতে অনুষ্ঠিত হয় সজাগতা সভা।
এই সভাতে আশাকৰ্মী, ছাত্ৰ-ছাত্ৰীসকলক সজাগ হোৱাৰ লগতে তেওঁলোকৰ জৰিয়তে আনকো সজাগ কৰাৰ উদ্দেশ্যে বক্তব্য ৰাখে কেবাগৰাকীও বক্তাই। আনহাতে বাক্সা জিলাৰ ভিন্ন স্থানত মুকলিকৈ বিক্ৰী কৰা ধঁপাতৰ বিৰুদ্ধে কঠোৰ হোৱাৰ কথা সদৰি কৰে জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ ন'ডেল বিষয়া শচীন্দ্ৰ কুমাৰ দাসে ।
Also Read: গুলি খোৱাৰ পিছতো নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায় নেৰিলে বিশ্বনাথৰ শিবা ভূঞাই...