/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/9e363e50-5db7-4bc0-9332-3b57abfe9e11/4.jpg)
-
নামনি মাজুলী কৰদৈগুৰি ব্ৰহ্মপুত্ৰ সূতিত নাও দুৰ্ঘটনা সংঘটিত হৈছে।
-
দুৰ্ঘটনাগ্ৰস্ত নাওখনত তিনিজন ব্যক্তি উপস্থিত আছিল।
-
দুজন জীৱন্তে উদ্ধাৰ হোৱাৰ বিপৰীতে এজন বৰ্তমানো সন্ধানহীন হৈ আছে।
-
সন্ধানহীন ব্যক্তিজনৰ নাম উৎপল শইকীয়া(৪৩) বুলি জানিব পৰা গৈছে।
-
সন্ধানহীন ব্যক্তিজনৰ ঘৰ ভালুকমৰাত।
-
ব্ৰহ্মপুত্ৰ সূতিত গৰু পাৰ কৰিবলৈ যাওঁতে এই ঘটনাটো সংঘটিত হয়।
-
সন্ধানহীন উৎপল শইকীয়াক উদ্ধাৰৰ বাবে মাজুলী SDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।
Also Read: দেশৰ ১০০ টা ছবিগৃহত মুক্তি পাব "কুকি"...