নগাঁৱত এন চি চিৰ বৃহৎ ৰক্তদান শিবিৰ

সমগ্ৰ দেশ জুৰি এনচিচিৰ ৭৪ বছৰীয়া জয়ন্তী উপলক্ষে অষ্টম অসম ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী,নগাওঁৰ উদ্যোগত দেওবাৰে এক মেগা ৰক্তদান শিবিৰ অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
নগাঁৱত এন চি চিৰ বৃহৎ ৰক্তদান শিবিৰ

ডিজিটেল সংবাদ,নগাঁও : সমগ্ৰ দেশ জুৰি এনচিচিৰ ৭৪ বছৰীয়া জয়ন্তী উপলক্ষে অষ্টম অসম ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী,নগাওঁৰ উদ্যোগত দেওবাৰে এক মেগা ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। ৰক্তদান অভিযানৰ সময়ত মুঠ ১২৫ জনৰো অধিক ৰক্তদাতা য'ত কমান্ডিং বিষয়া,কলেজ-স্কুলৰ এন চি চি শিক্ষক, জে চি অ', এন চি চি কেডেট, প্ৰাক্তন কেডেট, প্ৰশিক্ষক আৰু বেটেলিয়নৰ কৰ্মচাৰীয়ে ৰক্তদান কৰে।কৰ্ণেল অমৰ সিঙে ৰক্তদান কৰি অভিযানৰ শুভাৰম্ভ কৰে।

ৰক্তদান অভিযানৰ মুখ্য অতিথি হিচাপে নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ সাহ উপস্হিত থাকে । উপায়ুক্ত স্বাহে দেশ মাতৃৰ সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে কেডেটসকলক নিজকে গড় দি সশস্ত্ৰ বাহিনীত যোগদান কৰিবলৈ উৎসাহিত কৰে।অনুষ্ঠানত যুটীয়া স্বাস্থ্য সঞ্চালক ডা: অৰূপজ্যোতি মহন্ত, অধীক্ষক ডা: লক্ষীধৰ দাস, ৰক্ত কেন্দ্ৰৰ কাউঞ্চিলাৰ ৰিকু দত্ত, নগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ড: শৰৎ বৰকটকীৰ লগতে এন চি চি শিক্ষক ভূপাল কলিতা,ছাইফুল ইছলাম,জলীন চেতিয়া,ঘনশ্যাম টাইড, জ্যোতিৰূপা ডেকা,ছিদ্দিক আলী আদি উপস্থিত থাকে। কেডেটসকলে পৰিবেশন কৰা বাগাৰুম্বা নৃত্যৰে অনুষ্ঠানৰ সামৰণি পৰে।

আৰু পঢ়ক: অসমৰ যুৱতীক মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত হত্যা কৰাৰ অভিযোগ...

nagaon assam