অসমৰ যুৱতীক মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত হত্যা কৰাৰ অভিযোগ...

পশ্চিম গাৰো পাহাৰ জিলাত অসমৰ এগৰাকী যুৱতীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে

author-image
Asomiya Pratidin
New Update
অসমৰ ভূমিত মেঘালয়ৰ দুষ্কৃতিকাৰীৰ বন ধ্বংসযজ্ঞ

assam

ডিজিটেল ডেস্ক : চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত অসমৰ এগৰাকী যুৱতীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। মানকাচৰৰ সুখচৰ-মলাখোৱাৰ আমিনুল ইছলামৰ জীয়ৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

Advertisment

উল্লেখ্য যে পশ্চিম গাৰো পাহাৰ জিলাৰ হেলিডিগঞ্জত নুৰ আজিম শেখৰ সৈতে বিয়াত বহিছিল মানকাচৰৰ যুৱতীগৰাকী। কিন্তু স্বামী গৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। পৰিয়াল কেন্দ্ৰীক সংঘাতৰ বাবে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ তুলিছে যুৱতীগৰাকীৰ পিতৃ পৰিয়ালে।

ইতিমধ্যে স্বামী আজিম শেখসহ চাৰি জনৰ বিৰুদ্ধে হেলিডিগঞ্জ থানাত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে। এজাহাৰ দাখিল কৰাৰ পাছতেই স্বামী নুৰ আজিম শেখক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আনহাতে আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তুৰালৈ প্ৰেৰণ কৰিছে।

আৰু পঢ়ক : সমাগত গুজৰাট বিধানসভা নিৰ্বাচন, তুংগত প্ৰচাৰ...

girl meghalaya assam death