/asomiyapratidin/media/media_files/2025/06/10/b599TXWXmI1jt7lGb33q.jpg)
শিৱসাগৰত উপস্থিত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
ডিজিটেল সংবাদ, শিৱসাগৰঃ মঙলবাৰে শিৱসাগৰত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। দলটোৰ নেতা-কৰ্মীয়ে শিৱসাগৰ ঐতিহাসিক দ’লমুখ প্ৰাংগনৰ পৰা কালীপ্ৰসাদ মেমৰিয়েল ভৱনত অনুষ্ঠিত হ’বলগা জিলা কাৰ্যনিৰ্বাহক সভালৈ বিশাল ৰেলীৰে আদৰিলে ৰাজ্যিক সভাপতিগৰাকীক।
শিৱসাগৰত উপস্থিত হৈ গতানুগতিক ভাৱেই অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি গৌৰৱ গগৈক লক্ষ্য কৰি বক্তব্য আগবঢ়াই দিলীপ শইকীয়াই ৷ তেওঁ কয়, "গৌৰৱ গগৈ আৰু মোৰ মাজত বেচিক ডিফাৰেন্স আছে। তেওঁলোকে কৈ আছে আমি শাসনত আহিম আৰু আমি কৈ আছো আমি সেৱা আগবঢ়াম। তেওঁ শাসনৰ কথা ভাবে আমি সেৱাৰ কথা ভাবো" বুলি মন্তব্য কৰে দিলীপ শইকীয়াই ৷
তেওঁ লগতে সদৰি কৰে যে, "আমাৰ সত্ৰ,নামঘৰ, ঐতিহাসিক স্থান সমূহৰ ওপৰত ভয়ংকৰ আগ্ৰাসন চলিছে। এটা পক্ষই আগ্ৰাসী মনোভাৱেৰে এই স্থানসমূহ লক্ষ্য কৰি লৈছে। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী গৰাকীক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এই ক্ষেত্ৰত সমৰ্থন আগবঢ়াব লাগে ৷" অসমৰ সত্ৰ সমূহৰ ১৫ হাজাৰ বিঘা মাটি বেদখলৰ কবলত পৰা বুলি সত্ৰ আয়োগে দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত দিলীপ শইকীয়াই এই মন্তব্য কৰে ৷
ইফালে অখিল গগৈ সন্দৰ্ভতো বিজেপি ৰাজ্যিক সভাপতি গৰাকীয়ে মন্তব্য কৰি কয়,"গণতান্ত্ৰিক শাসন ব্যৱস্থাত নিৰ্বাচন খেলাৰ সকলোৰে অধিকাৰ আছে। বিৰোধী পক্ষই নিৰ্বাচন খেলিব । তেওঁলোকক আমি শুভেচ্ছাহে জনাব পাৰো। কিন্তু শিৱসাগৰবাসী ৰাইজৰ সঁহাৰি দেখি এটা কথা কব পাৰো যে শিৱসাগৰ জিলাৰ তিনিওটা বিধানসভা সমষ্টিত আমাৰ বিজয় নিশ্চিত" বুলি উল্লেখ কৰে দিলীপ শইকীয়াই।