ওদালগুৰিত বিজেপি মিত্ৰজোঁটৰ সংবাদমেলঃ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ

ওদালগুৰিত বিজেপি মিত্ৰজোঁটৰ সংবাদমেলঃ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
ওদালগুৰিত বিজেপি মিত্ৰজোঁটৰ সংবাদমেলঃ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজনৈতিক মুনাফাৰ বাবে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে। দৰং- ওদালগুৰি লোকসভা সমষ্টিৰ নিৰ্বাচনৰ সময়তে শুকুৰবাৰে বিজেপিৰ কাৰ্যলয়ত এক সংবাদমেল আয়োজন কৰি এই অভিযোগ কৰে বিজেপিৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি সুনীল বসমতাৰীয়ে।

Advertisment

এক ভাইৰেল ভিডিঅ'ৰ আঁতধৰি সংবাদমেলত বিজেপি সভাপতিগৰাকীয়ে অভিযোগ কৰি কয় - বিপিএফ নেতাগৰাকীয়ে বড়ো তথা খ্ৰীষ্টীয়ান সম্প্ৰদায়ৰ মাজত বিজেপিৰ বিৰুদ্ধে সংকীৰ্ণ মন্তব্যৰে উচতনি দি ৰাইজক বিভ্ৰান্ত কৰে। মুখ্যমন্ত্ৰীয়ে জাতিগত লগতে বাহ্মন্যতাবাদেৰে কাম কৰি থকা বুলিও বড়ো খ্ৰীষ্টীয়ান লোকৰ মাজত প্ৰচাৰ কৰাৰ অভিযোগ কৰে বিজেপি নেতাগৰাকীয়ে।

সংবাদ মেলত উপস্থিত ত থাকি ইউ পি এলৰ জিলা সভাপতি ৰবীন্দ্ৰ বসুমতাৰীয়ে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ ভাইৰেল ভিডিঅ'কলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ৰাজনৈতিক মুনাফাৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে জাতিগত আৰু ধৰ্মীয় মন্তব্যৰে সমাজত বিষবাষ্প বিয়পোৱা বুলি অভিযোগ কৰে।

কেৱল ৰাজনৈতিক স্বাৰ্থত এনেধৰনৰ সাম্প্ৰদায়িক মন্তব্য কৰা উচিত নহয় বুলি উল্লেখ কৰি এই ক্ষেত্ৰত বি পি এফ নেতাগৰাকীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে জিলা আয়ুক্ত তথা জিলা ৰিটাৰ্নিং বিষয়াৰ জৰিয়তে ৰাজ্যিক নিৰ্বাচন আয়োগলৈ লিখিত অভিযোগ দাখিল কৰা বুলি নেতাগৰাকীয়ে সংবাদমেলত সদৰি কৰে। সংবাদ মেলত অগপৰ জিলা সম্পাদক প্ৰদীপ পাঠকো উপস্থিত থাকে।

Also Read: চত্তিশগড়ত চিআৰপিএফত কৰ্মৰত বাক্সাৰ যুৱকৰ মৃত্যু

press meet nda bjp