/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/fac30d80-9199-4fad-b60a-a7fac98593cc/ravi_10.jpg)
বিজেপি সাংসদ, অভিনেতা ৰবি কিষাণ ৪ টা সন্তানৰ পিতৃ হোৱাৰ বাবে দোষী কংগ্ৰেছ চৰকাৰ !
ডিজিটেল ডেস্কঃ বিজেপি সাংসদ তথা অভিনেতা ৰবি কিষাণৰ সন্তান ৪ টা হোৱাৰ বাবে দায়ী হেনো কংগ্ৰেছ চৰকাৰ ! কংগ্ৰেছ চৰকাৰৰ বাবেই তেওঁ আজি ৪ টা সন্তানৰ পিতৃ হ'ল! এই মন্তব্য সাংসদগৰাকীৰ নিজৰ।
দেশত বৰ্ধিত জনসংখ্যাই প্ৰতিদিনে নতুন নতুন সমস্যাৰ সৃষ্টি কৰিছে। জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চৰকাৰে নিতৌ আহ্বান জনাই অহাৰ লগতে সজাগতা সৃষ্টিত গুৰুত্ব প্ৰদান কৰিছে। কিন্তু চৰকাৰৰ এনে পদক্ষেপলৈ কনো গুৰুত্ব নাই শাসনাধিস্ত দলৰেই সাংসদৰ। চৰম দায়িত্বহীনতাৰে মন্তব্য কৰি ৰবি কিষাণে তেওঁ চাৰিটা সন্তানৰ পিতৃ হোৱাৰ বাবে এতিয়া দোষাৰোপ কৰিছে কংগ্ৰেছক।
ৰবি কিষাণৰ মতে, যদি কংগ্ৰেছে জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত আইন প্ৰস্তুত কৰিলেহেঁতেন, তেন্তে মোৰ চাৰিটা সন্তান নাথাকিলহেঁতেন। যেতিয়া মই চাৰিটা শিশুৰ কথা ভাৱো তেতিয়া মই দুখ অনুভৱ কৰোঁ।
ৰবি কিষাণে তেওঁৰ ৪ টা সন্তানৰ পিতৃ হোৱাটো কংগ্ৰেছৰ দোষ বুলি উল্লেখ কৰি কয়, চৰকাৰ কংগ্ৰেছৰ আছিল। তেওঁলোকৰ আইন আছিল। আমি সেই বিষয়ে অৱগত নাছিলো।
উল্লেখ্য যে বিজেপি সাংসদ ৰবি কিষাণে শুকুৰবাৰে লোকসভাত জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰিবলৈ এখন বিধেয়ক উত্থাপন কৰিছিল।সেই সময়তেই তেওঁ এই মন্তব্য কৰিছে।
ক্লিক কৰি পঢ়কঃ সোণাৰিত আছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন...