Advertisment

ভিআইপিত বিজেপিৰ বিমানকোঠ মণ্ডলৰ কাৰ্যালয় শুভ উদ্বোধন

সমষ্টি পুনৰ গঠনৰ পিছত নতুনকৈ গঠন হোৱা বিজেপিৰ জালুকবাৰী সমষ্টিৰ চাৰিটা মণ্ডলৰ ভিতৰত আজাৰা ভি আই পিস্থিত বিমানকোঠ মণ্ডল সমিতিৰ অস্থায়ী কাৰ্যালয়টো বুধবাৰে মাংগলিক কাৰ্যৰ মাজেৰে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

author-image
Asomiya Pratidin
New Update
BJP mandal office inaugurated

BJP mandal office inaugurated

ডিজিটেল সংবাদ, আজাৰা : সমষ্টি পুনৰ গঠনৰ পিছত নতুনকৈ গঠন হোৱা বিজেপিৰ জালুকবাৰী সমষ্টিৰ চাৰিটা মণ্ডলৰ ভিতৰত আজাৰা ভি আই পিস্থিত বিমানকোঠ মণ্ডল সমিতিৰ অস্থায়ী কাৰ্যালয়টো বুধবাৰে মাংগলিক কাৰ্যৰ মাজেৰে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই উপলক্ষে বিমানকোঠ মণ্ডলৰ নৱনিৰ্বাচিত সভাপতি তীৰ্থ মেধিৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আজিৰ এই শুভ দিন তথা পহিলা মাঘৰ দিনটোত বিমানকোঠ মণ্ডল কাৰ্যালয়টো শুভ উদ্বোধন কৰা হ'ল।

Advertisment

অস্থায়ী কাৰ্যালয় আজি শুভ-উদ্বোধন কৰা হৈছে যদিও অনাগত সময়ত স্থায়ীকৈ চাৰি মহলীয়া বিল্ডিং নিৰ্মাণ কৰা হ'ব। লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৱল নেতৃত্বত দেশখন আগুৱাই লৈ গৈছে। যোৱা তিনিমাহ ধৰি ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন পৰ্ব চলি আছে। এই সংগঠন পৰ্বত ৰাজ্যৰ ৬২ লাখ লোকে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে বুলি ড০ শৰ্মাই মন্তব্য কৰে। 

১২৬ টা সমষ্টিৰ ভিতৰত জালুকবাৰী সমষ্টিয়ে সৰ্বাধিক সদস্য পথ গ্ৰহণ কৰিছে বুলি ভাষণত কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে দেশত  ১২ কোটি লোকে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে। পণ্ডিত দীনদয়াল উপাধ্যায়, শ্যামা প্ৰসাদ মুখাৰ্জী, লালকৃষ্ণ আদৱানী, অটল বিহাৰী বাজপেয়ীয়ে বিজেপিৰ দলটোৰ প্ৰতি যি আপ্ৰাণ চেষ্টা চলাইছিল সেই কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে।

ইয়াৰ পিছতে বিজেপিৰ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় শতাধিক প্ৰাক্তন কংগ্ৰেছ, ছাত্ৰ নেতা, অগপকে  ধৰি বহুকেইজন সমাজকৰ্মীয়ে  মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে। ইয়াৰ পিছতে সংবাদ মাধ্যমৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰ ড০ শৰ্মাই কয় যে-- ৰাজ্যিক সভাপতিৰ নিৰ্বাচন অহা ১৭ জানুৱাৰীত সম্পন্ন হ’ব।

ৰাজ্যিক সভাপতিৰ বাবে মনোনয়ন দাখিলৰ ১৬ জানুৱাৰী অন্তিম দিন। লগতে এখন মনোনয়ন পত্ৰ দাখিল হ’লে তেওঁৱেই হ’ব পৰৱৰ্তী সভাপতি। এখনতকৈ অধিক মনোনয়ন দাখিল হ’লে নিৰ্বাচনত অনুষ্ঠিত হ'ব বুলি কয়। লগতে কাইলৈ সন্ধিয়া ৭ বজালৈ দাখিল কৰিব পাৰিব মনোনয়ন পত্র।

উক্ত অনুষ্ঠানত কামৰূপ মহানগৰ জিলা বিজেপিৰ সভাপতি তপন চন্দ্ৰ দাস, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে - প্ৰশান্ত মহন্ত, অনুপ কুমাৰ মেধি, অশোক কুমাৰ ভৰালী, গুৱাহাটী বিমানকোঠৰ প্ৰাক্তন মণ্ডল সভাপতি পদ্মেশ্বৰ মজুমদাৰ, ৰাণী মণ্ডলৰ প্ৰাক্তন সভাপতি হৰকান্ত নাথ উপস্থিত থাকে। আনহাতে আজাৰা ৰাজহুৱা  সভাঘৰত ভোগালী বিহুৰ লগত সংগতি ৰাখি আন এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান, জ্যেষ্ঠ নাগৰিক মঞ্চ তথা অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰি বিভিন্ন সমস্যা সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে লগতে মত বিনিময় কৰে।

তেখেতসকলৰ অভাৱ-অভিযোগৰ সমস্যা সন্দৰ্ভত ড০ শৰ্মাই কয় যে, আজাৰাৰ ৰাজহুৱা শ্মশান, ৰাজহুৱা পুখুৰী, হৰিগায়ত্ৰী দাস মহাবিদ্যালয়ৰ উন্নয়ন, গোসাইঘৰ উন্নয়ন, পথৰ নলা উন্নয়ন, কালমণিৰ উন্নয়ন আদি দুমাহৰ ভিতৰত হস্ৰকালীন, মধ্যকালীন আৰু দীৰ্ঘকালীন সমাধানাৰে কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে।

লগতে আজাৰা অঞ্চলত চৰকাৰী ভুমি যদি আছে তেতিয়া হ'লে পৰৱৰ্তী সময়ত এখন অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ৫০ লাখ টকা ব্যয়ৰে আজাৰা ৰাজহুৱা সভাঘৰৰ কাষেৰে বৈ যোৱা কালমণি নদীৰ গাৰ্ডৱাল নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰে। অনুষ্ঠানত বিজেপিৰ বিমানকোঠ মণ্ডলৰ সভাপতি তীৰ্থ মেধিকে ধৰি কেবাজনো নেতা, বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে।

bjp Dr. Himanta Biswa Sarma assam bjp LGBI Airport