সমাগত লোকসভা নিৰ্বাচনঃ ঘৰে ঘৰে বিজেপি পতাকা উত্তোলন

সমাগত লোকসভা নিৰ্বাচনঃ ঘৰে ঘৰে বিজেপি পতাকা উত্তোলন

author-image
Asomiya Pratidin
New Update
সমাগত লোকসভা নিৰ্বাচনঃ ঘৰে ঘৰে বিজেপি পতাকা উত্তোলন

ডিজিটেল সংবাদ, গুৱাহাটীঃ সমাগত লোকসভা নিৰ্বাচন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে নিৰ্বাচনী প্ৰাচৰ। সমান্তৰালকৈ দৰং ওদালগুৰি লোকসভা সমষ্টিতো আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ। কমলপুৰ আৰু ৰঙিয়া বিধান সভা সমষ্টিৰ বিজেপি পৰিয়ালৰ ঘৰে ঘৰে বিজেপি পতাকা উত্তোলন কৰা হৈছে।

Advertisment

ৰঙিয়া বিধান সভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা কেইবাটাও পঞ্চায়তৰ বুথে বুথে দলীয় পতাকা উত্তোলন কৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে।পূৱ পাৰ মণ্ডলৰ সভাপতি মানবেন্দ্ৰ কলিতাৰ নেতৃত্বত মোডীৰ পৰিয়াল কাৰ্যসূচী ৰূপায়ন কৰে।

আনফালে ৰঙিয়া সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বৰডেকপাৰ গাঁও পঞ্চায়ত এলেকাত এই পতাকা উত্তোলন কাৰ্যসূচীৰ নেতৃত্ব লয় কমলপুৰ মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি কুমুদ কাকতিয়ে। দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ  শইকীয়াই বিপুল ভোটৰ ব্যৱধানত বিজয়ী হ'ব বুলি দাবী কৰে কাৰ্যকৰ্তাসকলে ।

Also Read: লংকাৰ মহাত্মা গান্ধী পথত চুৰিকাণ্ড

guwahati bjp