চাকৰি দিয়াৰ নামত লাখ লাখ টকা লৈছিল অনুৰাগ চলিহাইঃ বিজেপি নেত্ৰী

চাকৰি দিয়াৰ নামত লাখ লাখ টকা লৈছিল অনুৰাগ চলিহাইঃ বিজেপি নেত্ৰী

ডিজিটেল ডেস্কঃ বিতৰ্কই লগ এৰা নাই বিজেপি নেতা অনুৰাগ চলিহাক। চলিহাৰ বিৰুদ্ধে এইবাৰ ৰুজু হৈছে আন এক গোচৰ। তৃষ্ণা শৰ্মা নামৰ এগৰাকী মহিলাই অনুৰাগৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।

চাকৰি দিয়াৰ নামত ধন আত্মসাৎ কৰাৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে মহিলাগৰাকীয়ে। তাৎপৰ্যপূৰ্ণ বিষটো হ'ল যে অভিযোগকাৰী তৃষ্ণা শৰ্মাও বিজেপি দলৰ এগৰাকী কৰ্মী। চাকৰি আৰু বিভিন্ন কামৰ বিনিময়ত অনুৰাগ চলিহাই ৪০ লাখ টকা লোৱাৰ অভিযোগ উত্থাপন কৰিছে বিজেপি নেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, বিজেপিৰ কৃষাণ মৰ্চাৰ সম্পাদিকা ইন্দ্ৰাণী তহবিলদাৰে যোৱা ১১ আগষ্ট তাৰিখে আত্মহনন কৰা ঘটনাৰে জড়িত থকাৰ অভিযোগ আছিল অনুৰাগ চলিহাৰ বিৰুদ্ধে। এই অভিযোগৰ ভিত্তিতেই ইতিমধ্যেই বিজেপি কৰ্মীগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

চাকৰি দিয়াৰ নামত লাখ লাখ টকা লৈছিল অনুৰাগ চলিহাইঃ বিজেপি নেত্ৰী
আপ অসমেও পালন কৰিলে স্বাধীনতা দিৱস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in