আপ অসমেও পালন কৰিলে স্বাধীনতা দিৱস

আপ অসমেও পালন কৰিলে স্বাধীনতা দিৱস

ডিজিটেল সংবাদ, গুৱাহাটীঃ আজি দেশ জুৰি পালন কৰা হৈছে ৭৭তম্‌ স্বাধীনতা দিৱস। এই উপলক্ষে আপ অসমৰ তৰফৰ পৰা বেলতলা কলেজ খেলপথাৰত ৰাজ্যিক সভাপতি ড০ ভবেন চৌধুৰীয়ে জাতীয় পতাকা উত্তোলন কৰে। য'ত উপস্থিত থাকে আপ অসম ৰাজ্যিকৰ বিষয়ববীয়াৰ লগতে দলৰ অন্যান্য সদস্যসকল।

পতাকা উত্তোলন কৰি ভাষণত সভাপতি ড০ ভবেন চৌধুৰীয়ে ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ এই গৌৰৱৰ ক্ষণত যিসকল মহান মনীষীৰ অশেষ ত্যাগ আৰু বলিদানৰ বলত ভাৰতবৰ্ষ এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ ৰূপত প্ৰতিষ্ঠিত হৈছিল সেই প্ৰতিজন ৰাষ্ট্ৰভক্তক আজিৰ দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰে। লগতে দেশৰ প্ৰতিজন নাগৰিকলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।

স্বাধীনতা সংগ্ৰামত বলিষ্ঠ ভূমিকাৰে অসমৰ যিসকল বীৰ-বীৰাংগনাই ইতিহাসৰ পৃষ্ঠাত নিজৰ যুগজয়ী সংগ্ৰামীগাথা লিপিবদ্ধ কৰিছে, সেইসকল মহান সেনানীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনায়।

আপ অসমেও পালন কৰিলে স্বাধীনতা দিৱস
জামুগুৰিহাটত পদ্ম হাজৰিকাই উত্তোলন কৰিলে ত্ৰিৰংগা পতাকা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in