জে পি নড্ডাৰ আসনত কোন বহিব? বিজেপিৰ নতুন সভাপতিৰ নিৰ্বাচন কেতিয়া?

জে পি নড্ডাৰ আসনত কোন বহিব? বিজেপিৰ নতুন সভাপতিৰ নিৰ্বাচন কেতিয়া?

author-image
Asomiya Pratidin
New Update
জে পি নড্ডাৰ আসনত কোন বহিব?  বিজেপিৰ নতুন সভাপতিৰ নিৰ্বাচন কেতিয়া?

ডিজিটেল ডেস্কঃ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি কোন হব! তাক লৈ ইতিমধ্যে জল্পনা-কল্পনা আৰম্ভ হৈছে। পূৰ্বৰ সভাপতি জে পি নড্ডা স্বাস্থ্য মন্ত্ৰীৰ পদবী গ্ৰহণ কৰাৰ পাছতে এতিয়া খালী হৈ পৰা সভাপতিৰ আসনখনৰ বাবে বহুকেইখন নেতাৰ নাম চৰ্চা হৈছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমে সদৰি কৰা তথ্য অনুসৰি, অহা ছেপ্তেম্বৰৰ ভিতৰতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হব। তেতিয়ালৈকে স্বাস্থ্য মন্ত্ৰালয়ৰ লগতে দলৰ সভাপতিৰ দায়িত্বও পালন কৰিব জে পি নড্ডাই।

Advertisment

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ বাবে কেইবাজনো নেতাৰ নাম ইতিমধ্যে চৰ্চা চলিছে। সভাপতিৰ এই দৌৰত আছে বিনোদ তাৱড়েৰ নাম। তেওঁ বৰ্তমান বিজেপিৰ মহাসচিব। মহাৰাষ্ট্ৰ চৰকাৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰা তাৱড়েক বি এল সন্তোষৰ পাছতে সবাতোকৈ প্ৰভাৱশালী মহাসচিব বুলি গণ্য কৰা হয়। মৰাঠী হোৱাৰ বাবে এই দৌৰত সবাতোকৈ আগত আছে তাৱড়ে।

সভাপতিৰ এই দৌৰত অন্যতম এগৰাকী নেতা হৈছে কে লক্ষ্ণণ। তেওঁ তেলেংগানাৰ এগৰাকী প্ৰভাৱশালী নেতা। ইফালে দক্ষিণত প্ৰভাৱ বিস্তাৰৰ বাবে উঠি পৰি লাগি থকা বিজেপিয়ে সভাপতিৰ বাবে সুনীল বঞ্চলৰ নামো নিৰ্বাচিত কৰিব পাৰে। বৰ্তমান বিজেপিৰ এই নেতাগৰাকী পশ্চিম বংগ, তেলেংগানা আৰু ওড়িশাৰ পৰ্যবেক্ষক হিচাপেও কাম কৰি আছে।

বিজেপিৰ এই সভাপতিৰ আসনখনত যদিহে ৰাজস্থানৰ পৰা কাৰোবাক বহাব বিচাৰে, তেন্তে ইয়াৰ বাবে ভেৰ সিং শেখাৱটৰ শিষ্য ওম মাথুৰৰ নামো আগলৈ আহিব পাৰে। আৰ এছ এছৰ সৈতে অতি নিবিড় সম্পৰ্ক থকা ওম মাথুৰ গুজৰাটৰ প্ৰভাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

মুঠৰ ওপৰত সকলো ঠিকে ঠাকে থাকিলে এই নেতাসকলৰ ভিতৰৰ পৰাই কোনোবা এগৰাকী বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি হোৱাতো একপ্ৰকাৰৰ খাটাং।

Also Read: অঘটন! আকাশৰ পৰাই নাইকিয়া হ’ল উপৰাষ্ট্ৰপতিৰ বিমান...

জে পি নড্ডা